গুৱাহাটী, ১৩ জুলাই: অপৰিবৰ্তিত হৈ আছে অসমৰ বান পৰিস্থিতি । উজনিত যদি চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা অহা পানী তেন্তে নামনি অসমৰ কেইবাখনো জিলাত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা বৈ অহা ধলে সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতি। উজনি-নামনি সমগ্ৰ অসমত বছৰৰ দ্বিতীয়টো বানত আক্ৰান্ত হৈছে বিশাল অঞ্চল ৷ বিশেষকৈ নামনি অঞ্চলৰ বিশাল অঞ্চলত সৃষ্টি হৈছে প্ৰলয় ৷ চিৰাং, নলবাৰী, বঙাইগাঁও জিলাৰ এক বিশাল অঞ্চল পুনৰ বানৰ কৱলত পৰিছে ।
চিৰাঙৰ কেইবাখনো নৈৰ বাঢ়নি পানীত বুৰ গৈ আছে শতাধিক গাঁও । দুদিন ধৰি ভূটানৰ পৰা বৈ অহা পানীৰে উফন্দি উঠিছে চিৰাং জিলাৰ ভূটান সীমান্তৰ পৰা বৈ অহা আই ,মাক্ৰা নৈ,নাঙলভাঙা নৈ, লালাই , টাক্লাই , নিজলা নৈকে আদি কৰি কেবাটাও নৈ উপ-নৈ। নাঙলভাঙা অঞ্চলৰ ২৬ খন গাঁও নদী দ্বীপৰ দৰে আৱদ্ধ হৈ পৰিছে । এফালে আই নৈ, আনফালে নাঙলভাঙা নৈ । সমগ্ৰ অঞ্চলটোত নাও চলাচল বন্ধ হোৱাত আন অঞ্চলেৰে যাতায়াত কষ্টকৰ হৈ পৰিছে ।
একেদৰে ভূটানৰ পৰা নামি অহা লালাই নৈৰ বাঢ়নি পানীয়ে বান্ধ উটুৱাই নিয়াৰ ফলত চিৰাঙৰ মালিভিটাৰ কেইবাখনো গাঁও অদ্যপি প্লাৱিত । একেদৰে ভূটান সীমান্তৰ কংক্ৰাঝোৰাকে আদি কৰি বহু কেইখন গাঁৱত ভূটানৰ পৰা নামি অহা পানী সোমোৱাৰ ফলত প্লাৱিত হৈছে গাঁওসমূহ । ইফালে, বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ ২০ খনৰো অধিক গাঁও আই নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ৷