অসম

assam

ETV Bharat / state

বিৰোধী দলপতি প্ৰসংগঃ উচ্চ ন্যায়ালয়ত নৰজিল বিধানসভা সচিবালয়ৰ আৰ্জি - বিধায়ক দেৱব্ৰত শইকীয়া বিৰোধী দলপতি

পুনৰ নতুন গতি লৈছে বিধায়ক দেৱব্ৰত শইকীয়া বিৰোধী দলপতি হৈ থাকিব পাৰিব নে নোৱাৰে তাকে লৈ চলি থকা ন্যায়িক যুঁজে ৷ বিধানসভা সচিবালয়ে জনোৱা আৰ্জি নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ ৷ 29 জানুৱাৰীত পুনৰ এজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব বিষয়টোৰ শুনানি ৷

উচ্চ ন্যায়ালয়ত নৰজিল বিধানসভা সচিবালয়ৰ আৰ্জি
উচ্চ ন্যায়ালয়ত নৰজিল বিধানসভা সচিবালয়ৰ আৰ্জি

By

Published : Jan 27, 2021, 11:02 PM IST

গুৱাহাটী, 27 জানুৱাৰী: অসম বিধানসভাত বিধায়ক দেৱব্ৰত শইকীয়া বিৰোধী দলপতি হৈ থাকিব পাৰিব নে নোৱাৰে তাকে লৈ চলি থকা ন্যায়িক যুঁজখনে বুধবাৰে আকৌ এক নতুন গতি লোৱা পৰিলক্ষিত হয় ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে আজি এই প্ৰসংগত বিধানসভা সচিবালয়ে জনোৱা আৰ্জি নাকচ কৰি একপ্ৰকাৰ বিমুখ কৰে বিধানসভা সচিবালয়ক ৷

উল্লেখ্য যে সম্প্ৰতি বিধানসভাত কংগ্ৰেছ দলৰ পৰ্যাপ্ত বিধায়ক নথকাৰ বাবে বিধানসভা সচিবালয়ে ইতিমধ্যে এক অধিসূচনা জাৰি কৰি দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতিৰ পদ কৰ্তন কৰিছিল । কিন্তু বিধানসভা সচিবালয়ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তাৎক্ষনিকভাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিধায়ক শইকীয়া ৷

29 জানুৱাৰীত পুনৰ এজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব বিষয়টোৰ শুনানি

সেই অনুসৰি বিগত 12 জানুৱাৰীত উচ্চ ন্যায়ালয়ে অসম বিধানসভা সচিবালয়ে জাৰি কৰা উক্ত অধিসূচনাৰ স্থগিতাদেশৰ নিৰ্দেশ দিছিল । ফলত বিৰোধী দলপতিৰ পদত বাহাল আছিল দেৱব্ৰত শইকীয়া । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত উচ্চ ন্যায়ালয়ৰ সেই স্থগিতাদেশৰ প্ৰত্যাহ্বান জনাই বিধানসভা সচিবালয়ে খণ্ড বিচাৰপীঠত আবেদন জনাইছিল ।

উচ্চ ন্যায়ালয়ত নৰজিল বিধানসভা সচিবালয়ৰ আৰ্জি

উক্ত আবেদনৰ পাছতে বুধবাৰে খণ্ড বিচাৰপীঠে এই সন্দৰ্ভত কেনো নিৰ্দেশ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে আৰু পূৰ্বৰ এজনীয়া বিচাৰপীঠতে আবেদন জনাবলৈ বিধানসভা সচিবালয়ক নিৰ্দেশ দিয়ে । সেইমৰ্মে 29 জানুৱাৰীত পুনৰ এজনীয়া বিচাৰপীঠে বিষয়টোৰ শুনানী গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:সমাগত নিৰ্বাচনত ইউপিপিএল-বিজেপিয়ে যৌথভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াব: মন্ত্ৰী হিমন্ত

ABOUT THE AUTHOR

...view details