অসম

assam

ETV Bharat / state

বিজেপিৰ 8 বিধায়ক,2 মন্ত্ৰীৰ পুনৰ প্ৰাৰ্থিত্ব লাভত অনিশ্চয়তা বিশেষ সুত্ৰৰ - Uncertainty over re-election of 8 BJP MLAs, 2 ministers

বিজেপিৰ 8 বিধায়ক, 2 মন্ত্ৰীৰ পুনৰ প্ৰাৰ্থিত্ব লাভত অনিশ্চয়তা প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ এক কৰ্তৃত্বশীল সুত্ৰৰ লগতে আৰ এছ এছৰ শীৰ্ষ সুত্ৰই ৷

বিজেপিৰ 8 বিধায়ক, 2 মন্ত্ৰীৰ পুনৰ প্ৰাৰ্থিত্ব লাভত অনিশ্চয়তা
বিজেপিৰ 8 বিধায়ক, 2 মন্ত্ৰীৰ পুনৰ প্ৰাৰ্থিত্ব লাভত অনিশ্চয়তা

By

Published : Sep 14, 2020, 4:57 PM IST

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ:এজন দুজন নহয়,বৰ্তমানৰ কমেও আঠজনকৈ বিজেপি বিধায়কে পুনৰ প্ৰাৰ্থিত্ব লাভ নকৰিবও পাৰে ২০২১ ৰ নিৰ্বাচনত । আঠ বিধায়কৰ উপৰিও বৰ্তমানৰ দুজনকৈ মন্ত্ৰীৰো পুনৰ প্ৰাৰ্থিত্ব লাভক লৈ দেখা দিছে অনিশ্চয়তাই । ৰাজ্যিক বিজেপিৰ এক কৰ্তৃত্বশীল সুত্ৰৰ লগতে আৰ এছ এছৰো এক শীৰ্ষ সুত্ৰই সোমবাৰে এই কথা প্ৰকাশ কৰিছে ইটিভি ভাৰতৰ সাংবাদিকক ।

লগতে দুয়োটা সুত্ৰই এই কথাও প্ৰকাশ কৰিছে যে, ইতিমধ্যে দলীয় বিধায়কসকলৰ দক্ষতা, পুণৰ গ্ৰহণযোগ্যতা আদিৰ ওপৰত ৰাজ্যজুৰি দুটাকৈ প্ৰতিষ্ঠানে সমীক্ষা চলাইছে । সেই দুয়োটা প্ৰতিষ্ঠানক সমীক্ষা চলাবলৈ দলৰ ফালৰ পৰাই নিয়োগ কৰা হৈছে । সেই সমীক্ষা মতে উজনি অসমৰ তিনিজন, উত্তৰ অসমৰ দুজন আৰু নামনি অসমৰ তিনিজন বিধায়কৰ বৰ্তমানৰ ৰাজনৈতিক অৱস্থা খুবেই বেয়া । দক্ষহীনতাৰ বাবে তেওঁলোকৰ গ্ৰহণযোগ্যতা ইতিমধ্যে নিজা নিজা সমষ্টিত হ্ৰাস পাইছে ।

অনুৰূপভাৱে উত্তৰ অসমৰ এজন আৰু কামৰূপ মহানগৰীৰ এজন মন্ত্ৰীৰ ক্ষেত্ৰতো হ্ৰাস পাইছে গ্ৰহণযোগ্যতা আৰু জনপ্ৰিয়তা । সেই দুই মন্ত্ৰীক পুনৰ দলীয় প্ৰাৰ্থিত্ব দিলে পৰাজয় নিশ্চিত বুলিও সমীক্ষাটোত কোৱা হৈছে । উল্লেখযোগ্য যে উত্তৰ অসমৰ দুই মন্ত্ৰী হ'ল নৱ দলে আৰু ৰঞ্জিৎ দত্ত । আনহাতে গুৱাহাটী মহানগৰৰ দুই মন্ত্ৰী হ'ল ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য । এতিয়া সময়েহে ক'ব এই চাৰি মন্ত্ৰীৰ ভিতৰত ২০২১ ত কোন দুই মন্ত্ৰী সৌভাগ্যবান হ'ব ।

লগতে পঢ়ক:ৰাজ্যত আত্মপ্ৰকাশ নৱতম ৰাজনৈতিক দলৰ

ABOUT THE AUTHOR

...view details