গুৱাহাটী, 22 ছেপ্তেম্বৰঃ 21 ছেপ্তেম্বৰৰ পৰা খোলা দিয়া হৈছে ৰাজ্যৰ বিদ্যালয়সমূহ ৷ কিন্তু কৰ’ণা সংক্ৰমণৰ আশংকাতে বিদ্যালয় সমূহত নাই ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি ৷ আনহাতে, সোমবাৰে নিশাৰ পৰা অহা নেৰানেপেৰা বৰষুণৰ বাবে মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছে কৃত্ৰিম বানত ৷ যাৰ বাবে উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ো বুৰ গৈছে কৃত্ৰিম বানত ৷ মঙলবাৰৰ দিনটোত মহানগৰীৰ প্ৰতিটো পথেই পানীৰ তলত থকা পৰিলক্ষিত হয় ৷ মহানগৰ উন্নয়ন বিভাগে প্ৰতিবছৰেই বৃহৎ পুজিৰে নলা নিৰ্মানৰ কাম হাতত লয় যদিও আধাতে কাম সামৰাৰ বাবে বছৰ বছৰ ধৰি কৃত্ৰিম বানে জুৰুলা কৰি আহিছে জনসাধাৰণক ৷
কৃত্ৰিম বানত বুৰ গৈছে উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় - গুৱাহাটী কৃত্ৰিম বান
সোমবাৰে নিশাৰ পৰা অহা নেৰানেপেৰা বৰষুণৰ বাবে মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছে কৃত্ৰিম বানত ৷ যাৰ বাবে উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ো বুৰ গৈছে কৃত্ৰিম বানত ৷
কৃত্ৰিম বানত বুৰ গৈছে উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়