গুৱাহাটী, 16 ছেপ্তেম্বৰঃ কৰ’ণা এতিয়া কেৱল ভাইৰাছ নহয় হৈ পৰিছে মৃত্যু বিভীষিকা ৷ অসমত এক প্ৰকাৰৰ অপ্ৰতিৰোধ্য হৈ পৰিছে কৰ’ণাৰ সংক্ৰমণ ৷ চৰকাৰী তথ্য অনুসৰি ৰাজ্যত বৰ্তমানলৈকে ক’ভিডত মৃত্যু হোৱাৰ লোকৰ সংখ্যাই স্পৰ্শ কৰিবলৈ ওলাইছে 500ৰ ঘৰ ৷ এই মহামাৰীৰৰ ভয়াৱহতা ষ্পষ্টৰূপত বহন কৰিছে গুৱাহাটী মহানগৰীৰ শ্মশানসমূহে ৷ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ চিতাৰ জুইয়ে আগুৰি ধৰিছে গুৱাহাটী মহানগৰীৰ আকাশ ৷ তথ্য অনুসৰি গুৱাহাটীত ক’ভিড 19 ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা প্ৰথমগৰাকী ৰোগী আছিল ১৫ বছৰীয়া দিপীকা নাথ ৷ আৰু সেয়াই আছিল আৰম্ভণি ৷ তাৰ পাছৰ পৰাই ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে অসমৰ ক’ভিড সমস্যা ৷ সপ্তাহত 2-3 জনৰ পৰা গৈ এতিয়া প্ৰতিদিনে ৰাজ্য 8-9 জনকৈ লোক মৃত্যুমুখত পৰিছে ক’ভিড আক্ৰান্ত ৰোগী ৷
গুৱাহাটীত ক’ভিড আক্ৰান্তৰ চিতাৰ জুইয়ে ছানি ধৰিছে আকাশ - Assam COVID death
গুৱাহাটীৰ উলুবাৰীৰ শ্মশানতে দৈনিক দাহ কৰা হয় ৮ৰ পৰা ১০টাকৈ ক’ভিড ৰোগীৰ মৃতদেহ ৷ শৱ সমূহ দাহ কৰে ৰমানন্দ চৰকাৰ নামৰ এজন যুৱকে। বিগত জুন মাহৰ পৰা এই কাৰ্যৰ সৈতে জড়িত থকা ৰমানন্দই দিপীকা নাথৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে দাহ কৰিছে 400ৰো অধিক ক’ভিড ৰোগীৰ মৃতদেহ ৷
![গুৱাহাটীত ক’ভিড আক্ৰান্তৰ চিতাৰ জুইয়ে ছানি ধৰিছে আকাশ Ulubari cemetery witnesses 7 to 8 COVID patient death per day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8821708-thumbnail-3x2-g.jpg)
গুৱাহাটীৰ উলুবাৰীৰ শ্মশানতে দৈনিক দাহ কৰা হয় ৮ৰ পৰা ১০টাকৈ ক’ভিড ৰোগীৰ মৃতদেহ ৷ শৱ সমূহ দাহ কৰে ৰমানন্দ চৰকাৰ নামৰ এজন যুৱকে। বিগত জুন মাহৰ পৰা এই কাৰ্যৰ সৈতে জড়িত থকা ৰমানন্দই দিপীকা নাথৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে দাহ কৰিছে 400ৰো অধিক ক’ভিড ৰোগীৰ মৃতদেহ ৷ ৰাজ্যত এই পৰ্যন্ত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ প্ৰায় ডেৰ লক্ষাধিক। প্ৰতিদিনেই স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ ন ন তথ্য। শ্মশানলৈ আহিছে দৈনিক ১০-১২টাকৈ মৃতদেহ। কবৰস্থ হৈছে একাধিক। স্বাস্থ্য বিভাগেও প্ৰেৰণ কৰি আছে সতৰ্কতামূলক জাননী ৷ কিন্তু তাৰ মাজতো যেন গা লৰা নাই একাংশৰ। আৰু দায়িত্বজ্ঞানহীন এচাম লোকৰ কৰ্মকাণ্ডই এতিয়া বেছি শংকিত কৰিছে সৰ্বসাধাৰণক ৷
লগতে পঢ়ক-ভাৰত-চীন উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে বাংলাদেশত বিএছএফ আৰু বিজিবিৰ সন্মিলন