নিউজ ডেস্ক, 22 জুলাই :ৰাজ্যত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতেই শান্তি আলোচনাৰ এক সৌহাদ্যপূৰ্ণ পদক্ষেপ হিচাপে সংযুক্ত মুক্তি বাহিনী অসমে(united liberation front of Assam) যুদ্ধ বিৰতি(ceasefire) ঘোষণা কৰিছিল ৷ চলিত বৰ্ষৰ 15 মে’ তাৰিখৰ পৰা নিষিদ্ধ ঘোষিত সংগঠনটোৱে এই যুদ্ধ বিৰতিৰ পক্ৰিয়াত অটল হৈ আছে ৷ এই পক্ৰিয়াৰ অংশ স্বৰূপে সংগঠনটোৱে বৰ্তমান পৰ্যন্ত হিংসাত্মক কাৰ্যসূচী তথা ধন সংগ্ৰহৰ পৰা বিৰত হৈ আছে ৷
কিন্তু, বৃহস্পতিবাৰে সংগঠনটোৱে এক বিবৃতি যোগে জানিবলৈ দিছে যে, আলফাৰ নাম লৈ এচাম দুষ্ট চক্ৰই ধন সংগ্ৰহ অভিযান চলাই আছে ৷ এই প্ৰক্ৰিয়াৰ জৰিয়তে জনমানসত আলফাৰ ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টা চলা বুলি দাবী উত্থাপন কৰিছে সংগঠনটোৱে ৷ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নাম লৈ দুষ্ট চক্ৰই এই কাৰ্য চলাই থকাৰ কথা সংগঠনটোৰ অৱগত হৈছে বুলিও উল্লেখ আছে বিবৃতিটোত ৷