অসম

assam

ETV Bharat / state

বন্দী দেবাংগনাৰ মুক্তিৰ দাবীত আলফা (স্বা)য়ে কৰি গৈছে নেকি অপহৰণ ! - অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ

দেশৰ ৰাজধানী নতুন দিল্লীত 'কা' বিৰোধী আন্দোলনৰ নেতৃত্ব দি তিহাৰ জেলত বন্দী হৈ থকা অসম জীয়ৰী দেবাংগনা কলিতাৰ মুক্তিৰ দাবীত সৰব হ'ব পাৰে বিদ্ৰোহী সংগঠন আলফা আৰু এন এছ চি এন (আই‌এম)। মঙলবাৰে উজনি অসমৰ লাকুৱাৰ পৰা সন্দেহজনক আলফা (স্বা) আৰু এন এছ চি এনৰ দ্বাৰা অপহৃত অ এন জি চিৰ তিনি গৰাকী কৰ্মচাৰী হ'ব পাৰে দেবাংগনাক কাৰামুক্ত কৰাৰ মুক্তিপণ ।

ulfa-may-demand-to-release-debangana-kalita
বন্দী দেবাংগনাৰ মুক্তিৰ দাবীত আলফা (স্বা)য়ে কৰি গৈছে নেকি অপহৰণ !

By

Published : Apr 22, 2021, 10:18 PM IST

গুৱাহাটী, ২২ এপ্ৰিল: আজি পৰ্যন্ত কোনেও দায়িত্ব স্বীকাৰ কৰা নাই ডিব্ৰুগড়ৰ লাকুৱাৰ পৰা অপহৰণ কৰা তিনি তৈল বিষয়াৰ ৷ স্বাভাবিকতে এই অপহৰণ কাণ্ডত আলফা স্বাধীন আৰু এন এচ চি এন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছএ যদিও এই পৰ্যন্ত কোনো এটা সংগঠনেই স্বীকাৰ কৰা নাই দায়িত্ব ৷ তেনেহলে কোনে আৰু কিয় অপহৰণ কৰিলে অইলৰ বিষয়া তিনি গৰাকীক !

স্বাভাৱিকতে প্ৰশ্ন হয়, এই অপহৰণ কাণ্ডত যদি আলফা স্বাধীন জড়িত থাকে, তেনেহ’লে নিষিদ্ধ ঘোষিত সংগঠনটোৱে তিনি অপহৃত বিষয়াৰ মুক্তিৰ বিনিময়ত দাবী কৰিব নেকি মোটা অংকৰ ধন ! প্ৰথম অৱস্থাত সৰ্বসাধাৰণৰ মনত এই প্ৰশ্নৰ উদয় হৈছে যদিও কিন্তু ফেচবুককে আদি কৰি আন আন সামাজিক মাধ্যমত কিন্তু বিষয়টো অন্যধৰণেৰেহে চৰ্চা লাভ কৰিছে ৷ সামাজিক মাধ্যমত হোৱা চৰ্চা অনুসৰি এইবাৰ আলফা স্বাধীনৰ এই অপহৰণ কাণ্ড কেৱল অৰ্থ সৰ্বস্ব নহয় ৷ কেৱল ধনৰ বাবেই আলফাই অপহৰণ কৰা নাই তিনি তৈল বিষয়াক ৷ তেনেহ’লে কিয় আলফাই অপহৰণ কৰিলে বিষয়া কেইজনক?

লগতে পঢ়ক: মোৰ স্বামীক ঘূৰাই দিয়ক : কাতৰ আহ্বান অপহৃত ৰিতুল শইকীয়াৰ পত্নীৰ

চৰ্চা লাভ কৰা অনুসৰি এইবাৰ আলফাই অপহৰণৰ বিনিময়ত মুক্তিপণ হিচাপে বিচাৰিব পাৰে কা’ আন্দোলন কৰি দীৰ্ঘদিন ধৰি তিহাৰ জেলত আৱদ্ধ হৈ থকা জে এন ইউৰ ছাত্ৰী ডিব্ৰুগড়ৰ দেৱাংগনা কলিতাৰ মুক্তি ৷ তৈল খনন‌ কোম্পানী কূইপ'ৰ দুই বিষয়াক মুক্তি দি কিছু সুনাম অৰ্জন কৰা আলফাই আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ ভাবমূৰ্তি উজ্জল কৰাৰ বাবে এই পদক্ষেপ লোৱাৰ সম্ভাৱনা আছে বুলি অসম আৰক্ষী শীৰ্ষ সূত্ৰ এটাইও আঙুলিয়াই দিছে ।

লগতে পঢ়ক: অ'এনজিচিৰ কৰ্মচাৰী অপহৰণৰ তদন্তৰ দায়িত্ব ল'লে জি পি সিঙে

সামাজিক মাধ্যমত এনে এটা স্পৰ্শকাতৰ বিষয় চৰ্চা লাভ কৰিছে যদিও এই পৰ্যন্তলৈকে কোনোৱে বিষয়টো নিৰ্দিষ্টকৈ ক’ব পৰা নাই ৷ কিয়নো এতিয়ালৈকে আলফা স্বাধীনে অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷ যদি সঁচাকৈয়ে আলফা স্বাধীনে এই সন্দৰ্ভত নিজৰ দায়িত্ব স্বীকাৰ কৰে তেনেহলে পৰৱৰ্তী পৰ্যায়ত নিশ্চিতভাবে চ’চিয়েল মিডিয়াত চৰ্চালাভ কৰা বিষয়টোৱে গুৰুত্ব লাভ কৰিব ৷

লগতে পঢ়ক: অপহৃত ৰিতুল শইকীয়াৰ অপহৰণ সন্দৰ্ভত কি ক’লে আত্মীয়ই ?

মনকৰিবলগীয়া যে, দেবাংগনা কলিতাৰ মুক্তিৰ দাবী অ এন জি‌ চিৰ বিষয়াৰ অপহৰণ কাণ্ডই পুনৰ প্ৰাসংগিক কৰি তোলাটো লক্ষনীয় বুলি বিবেচিত হৈছে । জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এম ফিল পাঠ্যক্ৰমৰ ছাত্ৰী দেবাংগনা হ'ল বৃটেইনৰ ইউনিভাৰ্ছিটি অফ ছাছেক্সৰ প্ৰাক্তন ছাত্ৰী । 'কা' আৰু এনআৰচি আন্দোলনক এক বিশেষ মাত্ৰা প্ৰদান কৰা দেবাংগনাৰ নেতৃত্বতে 'Pinjra Tod: Break the hostel locks' নামে সামাজিক মাধ্যমত এক আন্দোলন আৰম্ভ হৈ পিছলৈ ৰাজপথৰ আন্দোলনলৈ ৰূপান্তৰিত হৈছিল ।

লগতে পঢ়ক: অ’এনজিচিৰ তিনি বিষয়া অপহৰণ: সন্দেহৰ আঙুলি আলফা(স্বা)লৈ

ABOUT THE AUTHOR

...view details