অসম

assam

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 9:43 PM IST

ETV Bharat / state

অসমত এনে কি আছে যে চাবলৈ ILP লৈ আহিব : শশধৰ চৌধুৰী

ULFA Govt Peace Accord : ৰাজ্যত ইনাৰলাইন পাৰ্মিটৰ প্ৰসংগ নস্যাৎ আলফা নেতা শশধৰ চৌধুৰীৰ ৷ এনে কি মূল্যবান সম্পদ আছে যে ILP লৈ অসম চাবলৈ আহিব বুলি মন্তব্য আলোচনাপন্থী গোটৰ আলফা নেতাজনৰ ৷

ULFA Govt Peace Accord
আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰসংগ

ইনাৰলাইন পাৰ্মিটৰ প্ৰসংগ নস্যাৎ শশধৰ চৌধুৰীৰ

গুৱাহাটী, 31 ডিচেম্বৰ : অসমত এনে কি সম্পদ আছে যে কোনোবাই ইনাৰলাইন পাৰ্মিট লৈ চাবলৈ আহিব ? এই মন্তব্য মাত্ৰ দুদিন পূৰ্বে দিল্লীত শান্তি চ‌ুক্তি স্বাক্ষৰ কৰি আজি অসমত ভৰি দিয়া অন্যতম আলোচনাপন্থী আলফা নেতা শশধৰ চৌধুৰীৰ ৷ দিল্লীত চুক্তি স্বাক্ষৰৰ পিছত আদৰণিৰ সমান্তৰালভাৱে সহস্ৰজনৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে আলোচনাপন্থী গোটৰ আলফা নেতাসকল ৷ কিছুমান প্ৰসংগ উত্থান নকৰা বা শান্তি চুক্তিত অন্তৰ্ভুক্ত নোহোৱাৰ বাবে প্ৰশ্নৰ সন্মুখীন হৈছে অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱা, শশ চৌধুৰী আদি ৷

বিশেষকৈ উত্থাপিত হৈছে যে কিয় চুক্তিত সন্নিৱিষ্ট কৰিব নোৱাৰিলে ILP অৰ্থাৎ আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰসংগও ? এই প্ৰসংগত শশধৰ চৌধুৰীয়ে কৰা মন্তব্যই ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিছে ৷ গুৱাহাটীত দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংবাদমেলত সাংবাদিকৰ ধাৰাবাহিক প্ৰশ্ন আলোচনাপন্থী আলফা নেতৃত্বলৈ ৷ শান্তি চ‌ুক্তি স্বাক্ষৰকাৰী গোটৰ এগৰাকী প্ৰধান নেতা শশ চৌধুৰীৰ মুখত আখৈ ফুটাদি ফুটিছে উত্তৰ ৷

প্ৰশ্ন আহিল- অসমৰ বাবে ILP অৰ্থাৎ ইনাৰ লাইন পাৰ্মিট প্ৰসংগত ৷ এই প্ৰশ্নত যেন খং উঠিল শশ চৌধুৰীৰ ৷ সাংবাদিকক উভতি ধৰিলে আলোচনাপন্থী আলফা গোটৰ নেতাজনে ৷ সৌ সিদিনালৈকে সম্পদৰ অধিকাৰক লৈ সশস্ত্ৰ প্ৰৱক্তা হৈ অহা শশ চৌধুৰীয়ে ক’লে যে অসমত মূল্যবান সম্পদেই নাই ৷ “কোনোবাই কৈছে ILP লাগে ৷ 284 খন ফ্লাইট নামিব ইয়াত ৷ 150 ৰ ওপৰত ৰে’ল আহিব ৷ সাতখন ৰাজ্যৰ ট্ৰেনজিৎ পইণ্ট হ’ব এইখন ৷ দক্ষিণ-পূৱ এচিয়াৰ বাবে ইয়াক বনাবৰ চেষ্টা কৰিছে ৷ এনে কি মূল্যবান সম্পদ আছে যে ILP লৈ অসম চাবলৈ যাম মই... ! ঝামেলা কৰি লৈ... চাওক দেই কথাটো | আৰু ইয়াক কাৰ্যকৰীকৰণ কৰিব কেনেকৈ ? গতিকে আমাক কৈছে, আপোনালোকে কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰি দিয়ক | এইটো আমাৰ কাৰণে সম্ভৱ নহয় |” এইদৰেই সংবাদমেলত ইনাৰ লাইন পাৰ্মিটৰ দাবী প্ৰসংগ নস্যাৎ কৰিলে আলোচনাপন্থী আলফা নেতা শশধৰ চৌধুৰীয়ে ৷

লগতে পঢ়ক :সশস্ত্ৰ সংগ্ৰামক বিশ্বাস কৰিছিলো, আমি নোৱাৰিলো, হাৰিলো: শশধৰ চৌধুৰী

ABOUT THE AUTHOR

...view details