অসম

assam

ETV Bharat / state

আৰক্ষীৰ জিম্মাত আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈ

মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনাৰ বিস্ফোৰক টেলিফোনিক বাৰ্তালাপ । আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈসহ তিনিজনক গ্ৰেপ্তাৰ । ক্ৰাইম ব্ৰাঞ্চৰ গোচৰ ৰুজু । তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

By

Published : Mar 9, 2021, 8:31 PM IST

ulfa leader pradip gogoi arrested
আৰক্ষীৰ জিম্মাত আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈ

গুৱাহাটী,9 মাৰ্চ : দিছপুৰ আৰক্ষীৰ সহযোগত ক্ৰাইম ব্ৰাঞ্চে হাতীগাঁৱৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে । সোমবাৰে নিশা প্ৰদীপ গগৈক গ্ৰেপ্তাৰ কৰি মঙলবাৰে দিছপুৰ থানাত জেৰা কৰা হৈছিল । জেৰাৰ অন্তত গগৈক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰাৰ পাচত কামৰূপ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় ।

ইয়াৰ পাচতে আদালতে তেওঁক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কাৰ্বি আংলঙৰ মানৱ পাঠকৰ লগতে গাড়ীচালক কেটু মোদককো গ্ৰেপ্তাৰ কৰে । মানৱ পাঠক কাৰ্বি আংলঙৰ বিজেপি নেতা চন্দ্ৰ পাঠকৰ ভাতৃ বুলি জানিব পৰা গৈছে । আৰক্ষীৰ এক সূত্রই জনোৱা মতে, মানৱ পাঠকে ফোনযোগে আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈক মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ কথা কৈছিল ।

আৰক্ষীৰ জিম্মাত আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈ

ফোনযোগে পাঠকে মন্ত্রী হিমন্ত বিশ্বক "বোমাৰে উৰুৱাই দিয়ক, যিহেৰে মাৰে মাৰক, মুঠতে হত্যা কৰিব লাগে" বুলি প্ৰদীপ গগৈক কৈছিল । দুয়োজনৰ এই বিস্ফোৰক টেলিফোনিক বাৰ্তালাপ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে লাভ কৰাৰ পাচতে তদন্ত আৰম্ভ হয় ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 120B/121A/120 আৰু 18UPA আইনৰ অধীনত 06/2021 নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । ইফালে গ্ৰেপ্তাৰ হোৱা প্ৰদীপ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ধেমালিতে তেওঁক পাঠকে এই কথাখিনি কৈছিল ।

আৰক্ষীৰ জিম্মাত আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈ

উল্লেখ্য যে, আৰক্ষীৰ তদন্তত আৰু কি তথ্য পোহৰলৈ আহিব সেয়া সময়তহে জানিব পৰা যাব ৷ এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:গোলকগঞ্জত বৃদ্ধা নিৰুদ্দেশ

ABOUT THE AUTHOR

...view details