অসম

assam

ETV Bharat / state

জামিন পালে আলফা নেতা জীৱন মৰাণে - Jiban Moran joins ulfa

NIAৰ আদালতে মঞ্জুৰ কৰিলে জীৱন মৰাণৰ জামিন । আৰক্ষীয়ে সময় মতে চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰাত আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে (ULFA leader Jiban Moran granted bail)। জীৱন মৰাণক ডিব্ৰুগড় আৰক্ষীয়ে ২০১৯ চনতে পঞ্জীভুক্ত হৈ থকা এটা গোচৰত ২০২১ চনৰ ৩০ এপ্ৰিলত গ্ৰেপ্তাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ।

ULFA leader Jiban Moran granted bail
আলফা নেতা জীৱন মৰাণৰ জামিন মঞ্জুৰ

By

Published : Jan 11, 2022, 7:29 PM IST

গুৱাহাটী,১১ জানুৱাৰী :আলফা নেতা জীৱন মৰাণে লাভ কৰিলে জামিন । জামিন লাভৰ পাছতে মঙলবাৰে পুৱাৰ ভাগত তেওঁ কাৰাগাৰ পৰা ওলাই আহে । 'নিয়া'ৰ(NIA) আদালতে মঞ্জুৰ কৰিলে জীৱন মৰাণৰ জামিন । আৰক্ষীয়ে সময় মতে চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰাত আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে (ULFA leader Jiban Moran granted bail)।

উল্লেখ্য যে স্বাধীন অসমৰ সপোন বুকুত বান্ধি জীৱন মৰাণে ১৯৮৪ চনতে আলফাত যোগদান কৰিছিল (Jiban Moran joins ulfa)। তেওঁ আলফাৰ বিত্ত সম্পাদক, মেজৰ জেনেৰেল আদিৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল । বৰ্ষীয়ান আলফা নেতা জীৱন মৰাণ ওৰফে গুণ্ড মহাশয়ক ডিব্ৰুগড় আৰক্ষীয়ে ২০১৯ চনতে পঞ্জীভুক্ত হৈ থকা এটা গোচৰত ২০২১ চনৰ ৩০ এপ্ৰিলত গ্ৰেপ্তাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ।

উল্লেখ্য যে, ডিব্ৰুগড়ৰ চৌকিডিঙীৰ বিশাল কুমাৰ মিশ্ৰ নামৰ এজন ব্যৱসায়ীক ২০ লাখ টকা দাবী কৰা ঘটনা সন্দৰ্ভত থকা এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল জীৱন মৰাণক ।

২০১৯ চনতে জীৱন মৰাণৰ স্বাক্ষৰিত এখন পত্ৰৰ জৰিয়তে ২০ লাখ টকা ধনদাবী কৰাৰ লগতে ব্যৱসায়ীজনক ফোনযোগে বহুবাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছিল । এই সন্দৰ্ভত বিগত বৰ্ষৰ ৩০ এপ্ৰিলত ভাৰতীয় দণ্ডবিধি আইনৰ 387/ ipc R/w Section 66D IT act আৰু 10B (ll)UA(p)act আৰু 66(F) (l)(A) IT act ৰ অধীনত ১১৯৭/২০১৯ নং গোচৰৰ ভিত্তিত জীৱন মৰাণক গ্ৰেপ্তাৰ কৰা হৈছিল । আনহাতে গ্ৰেপ্তাৰৰ পূৰ্বে বৰ্ষীয়ান আলফা নেতাজনে সংগঠনৰ পৰা অব্যাহতি লোৱা বুলিও খবৰ ওলাইছিল ।

লগতে পঢ়ক :Satra Land Enchrochment : সত্ৰই সত্ৰই বেদখলীকৃত ভূমি উদ্ধাৰৰ বাবে চলিছে জৰীপ

ABOUT THE AUTHOR

...view details