নেশ্যনেল ডেস্ক,৬ অক্টোবৰ :এগৰাকী বাংলাদেশী যুৱকৰ সৈতে বিয়াত বহিব বিদ্ৰোহী সংগঠন আলফা(স্বাঃ)ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ কন্যা (Anup Chetia daughter marries Bangladeshi boy)। বাংলাদেশৰ যুৱক অনিৰ্বাণ চৌধুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱা । দৰা অনিৰ্বাণ চৌধুৰীৰ ঘৰ বাংলাদেশৰ কুমিল্লাত ।
বৰ্তমান তেওঁ অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত বাস কৰে । বিয়াখন ২৫ নৱেম্বৰত মেলবৰ্ণৰ ইস্কন মন্দিৰত অনুষ্ঠিত হ'ব । এই খবৰ প্ৰকাশ পাইছে বাংলাদেশৰ 'আমাদের সময়.কম' নামৰ এখন বাতৰি কাকতত (Amader Shomoy.com news paper)।
বাতৰি কাকতখনে দাবী কৰা মতে অনুপ চেতিয়াই ফোনযোগে এই কথা স্বীকাৰ কৰিছে (Anup Chetia reacts to daughter marriage)। লগতে তেওঁ বাংলাদেশৰ নতুন দম্পতীটোৰ বাবে আশীৰ্বাদো বিচাৰিছে । বাংলাদেশৰ যুৱকৰ সৈতে নিজৰ কন্যাক কিয় বিয়া দিব বিচাৰিছে, সেই প্ৰশ্নৰ উত্তৰত অনুপ চেতিয়াই কয় যে ঢাকাৰ ধানমণ্ডিৰ মাষ্টাৰ মাইণ্ড ইণ্টাৰনেচনেল স্কুলত পঢ়ি থাকোতে তেওঁৰ কন্যা আৰু হ'বলগীয়া জোৱাই অনিৰ্বাণ চৌধুৰী দুয়ো লগ পাইছিল । তাৰ পাছত তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল (Anup Chetia daughter affair with Bangladeshi boy)। সেয়েহে তেওঁলোকৰ বিয়াৰ বাবে অনুপ চেতিয়াৰ পৰিয়াল সন্মত হয় বুলি উল্লেখ কৰে ।
অনুপ চেতিয়াই লগতে কয় যে সুদীৰ্ঘ ২৮ বছৰ ধৰি তেওঁ বাংলাদেশত আছিল (ULFA leader Anup Chetia in Bangladesh)। তেওঁ বাংলাদেশৰ জনসাধাৰণৰ আতিথ্য আৰু মৰম পাইছে । সেয়েহে বাংলাদেশৰ জনসাধাৰণৰ প্ৰতি এক দুৰ্বলতা আছে তেওঁৰ । বিয়াত সন্মত হোৱাৰ এইটোও এটা কাৰণ বুলি সাংবাদিকক জনায় অনুপ চেতিয়াই ।
বাংলাদেশলৈ অহাৰ তেওঁৰ কোনো পৰিকল্পনা আছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত আলফা নেতাগৰাকীয়ে (ULFA leader Anup Chetia) কয়, "যেতিয়া মই বাংলাদেশত আছিলো, মই মোৰ পৰিচয় লুকুৱাই ৰাখিছিলো । বাকী সময়ত মই কাৰাগাৰত আছিলো । এইবাৰ মই সকলোকে আইনীভাৱে লগ কৰিব বিচাৰো । কিন্তু ভাৰত আৰু বাংলাদেশৰ চৰকাৰে মোৰ আগমন ভালদৰে নাচাব । কিন্তু বিয়াখন হৈ গ'লে এবাৰ মই যাম । তাত মোৰ বহু বন্ধু আছে, তেওঁলোকক লগ পোৱাৰ যথেষ্ট ইচ্ছা আছে ।"
উল্লেখ্য যে উত্তৰ-পূব ভাৰতৰ অন্যতম ৰাজ্য অসমৰ স্বাধীনতাৰ বাবে প্ৰায় তিনি দশক ধৰি সশস্ত্ৰ কাৰ্যকলাপ চলাই অহা ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছাম (আলফা)ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱা (Militants group ULFA in Assam)। ১৯৯৭ চনৰ ২১ ডিচেম্বৰত আৰক্ষীয়ে ঢাকাৰ মহম্মদপুৰ অঞ্চলৰ পৰা অনুপ চেতিয়াক গ্ৰেপ্তাৰ কৰিছিল । তেওঁৰ বিৰুদ্ধে অবৈধভাৱে বাংলাদেশত থকা আৰু অবৈধভাৱে বিদেশী মুদ্ৰা আৰু এটা ছেটেলাইট ফোন ৰখাৰ বাবে তিনিটা গোচৰ ৰুজু কৰা হৈছিল । আদালতে তেওঁক তিনিওটা গোচৰত ক্ৰমান্বয়ে তিনি, চাৰি আৰু সাত বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰিছিল ।
২০১৫ চনৰ ১২ নৱেম্বৰত কাশিমপুৰ কাৰাগাৰৰ পৰা তেওঁক ভাৰতক গতাই দিয়া হৈছিল । তেওঁ বৰ্তমান ভাৰত চৰকাৰৰ সৈতে আলফাৰ আলোচনাপন্থী দলৰ মুৰব্বী হিচাপে শান্তি আলোচনাৰ নেতৃত্ব দি আছে (Peach talk between ULFA and Govt)। অনুপ চেতিয়াই কোৱা মতে শান্তি চুক্তি সোনকালেই সম্পূৰ্ণ হ'ব । আলফা-স্বাধীনৰ আন এটা গোটৰ নেতৃত্ব দিছে পৰেশ বৰুৱাই । তেওঁ বৰ্তমান সশস্ত্ৰ সংগঠনটোৰ সেনাধ্যক্ষ ।
লগতে পঢ়ক :কেৰালাৰ কালিকটত বন্ধুৱে মিলি হত্যা কৰিলে অসমৰ শ্ৰমিকক