অসম

assam

ETV Bharat / state

ULFA activities in Upper Assam:উজনি অসমত ধনদাবীৰে পুনৰ সক্ৰিয় ৰূপত আলফা স্বাধীন - আলফাৰ ধনদাবীক লৈ আতংকিত

উজনিৰ বাগানে বাগানে ধনদাবী আলফা স্বাধীনৰ । ব্যৱসায়ী আৰু চাহ বাগিচাসমূহৰ পৰা বুজন অংকৰ ধন দাবী কৰিছে আলফাই । এমাহ ধৰি অব্যাহত থকা আলফাৰ ধনদাবীক লৈ আতংকিত নহ’বৰ বাবে আৰক্ষীয়ে দিছে অভয়বাণী । আশ্বস্ত হ’ব পৰা নাই আলফাৰ পৰা ধনদাবী-পত্ৰ পোৱা চাহ বাগানসমূহৰ কৰ্তৃপক্ষ আৰু ব্যৱসায়ীসকল । আলফা স্বাধীনৰ ভয়ত উজনিৰ দুখনকৈ চাহ বাগিচাৰ প্ৰবন্ধকৰ পলায়ন । অৰ্থনৈতিক আৰু সাংগঠনিক ভেঁটি প্ৰসাৰৰ পৰিকল্পনা কার্যকৰী কৰাৰ দিশত আগবাঢ়িছে আলফা স্বাধীন ।

ULFA independent in re active form with extortion in upper Assam
পুনৰ সক্ৰিয় ৰূপত আলফা স্বাধীন

By

Published : Jul 18, 2023, 7:01 PM IST

গুৱাহাটী, ১৮ জুলাই :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দাবী কৰিলেও কিন্তু সন্ত্ৰাসবাদৰ পৰা মুক্ত হোৱা নাই অসম । বহু কেইটা সন্ত্ৰাসবাদী সংগঠনে আত্মসমৰ্পন কৰি মূলসূঁতিলৈ ঘূৰি আহিছে যদিও ৰাজ্যখনৰ পৰিৱেশ সামগ্ৰিকভাৱে এতিয়াও সুস্থিৰ হৈ উঠা নাই । যাৰ বাবে এতিয়াও ৰাজ্যৰ আঠখন জিলাত প্ৰযোজ্য হৈ আছে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন । লক্ষ্যনীয় বিষয় যে এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদী সংগঠনৰ ধন দাবীকে ধৰি বিভিন্ন কাৰ্যকলাপ অব্যাহত আছে । বৰং শেহতীয়াকৈ একাধিক সংগঠন অধিক সক্ৰিয় হৈ উঠিছে । শক্তি বৃদ্ধিৰ বাবে কেইবাটাও উগ্ৰপন্থী সংগঠনে ধন সংগ্ৰহৰ বিশাল অভিযান আৰম্ভ কৰিছে । বিশেষকৈ উজনি অসমত আলফা স্বাধীনৰ ধন সংগ্ৰহ অভিযান অব্যাহত আছে ।

পুনৰ সক্ৰিয় ৰূপত আলফা স্বাধীন

ব্যৱসায়ী আৰু চাহ বাগিচাসমূহৰ পৰা বুজন অংকৰ ধন দাবী কৰিছে আলফাই । বিগত প্ৰায় এমাহ ধৰি অব্যাহত থকা আলফাৰ ধনদাবীক লৈ আতংকিত নহ’বৰ বাবে আৰক্ষীয়ে অভয়বাণী দিছে যদিও আশ্বস্ত হ’ব পৰা নাই আলফাৰ পৰা ধনদাবী-পত্ৰ পোৱা চাহ বাগানসমূহৰ কৰ্তৃপক্ষ আৰু ব্যৱসায়ীসকল । ধন দাবীৰ এই ঘটনা ইমানেই প্ৰকট হৈ পৰিছে যে আলফা স্বাধীনৰ ভয়ত এতিয়ালৈকে উজনি অসমৰ দুখনকৈ চাহ বাগিচাৰ প্ৰবন্ধকে অসম এৰি পলায়ন কৰিছে । আলফাৰ ধন দাবীত ভীতিগ্ৰস্ত হৈ চৰাইদেউ জিলাৰ মাহমৰাৰ টিমন চাহ বাগিচাৰ পৰিচালকে চাকৰি এৰি পলায়ন কৰাৰ পাচতে জিলাখনৰ আন এখন চাহ বাগিচাত সহঃপৰিচালক হিচাপে কৰ্মৰত এজন বহিঃৰাজ্যৰ লোকে চাকৰি এৰি পলায়ন কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

পুনৰ সক্ৰিয় ৰূপত আলফা স্বাধীন

আলফা স্বাধীনে নিজৰ শক্তি বিস্তাৰ কৰিবৰ বাবে উজনি অসমত ধন দাবীৰ লগতে নতুন সদস্যভৰ্তি অভিযান অব্যাহত ৰাখিছে । বিশেষকৈ উজনি অসমৰ চৰাইদেউ জিলাত আলফাই ধন বিচাৰি জিলাখনৰ কুৰিখনৰো অধিক চাহ বাগিচাৰ মালিকপক্ষলৈ এমাহ পূৰ্বে ধন দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছিল । নয়ন মেধি ওৰফে নয়ন অসম আৰু গণেশ অসম স্বাক্ষৰিত ধন দাবী-পত্ৰসমূহ এমাহ পূৰ্বে এটা বিশেষ নম্বৰৰ পৰা বাগিচাৰ কৰ্তৃপক্ষলৈ ৱাটছএপযোগে প্ৰেৰণ কৰিছিল । জিলাখনৰ টিমন চাহবাগিচা, স্মৃতি চাহ বাগিচা, বিজেপি নেত্ৰীৰ পৰিয়ালৰ চাহ বাগিচাৰ লগতে আন কেইবাখনো চাহ বাগিচাৰ মালিকপক্ষলৈ ৬০ লাখৰ পৰা ১ কোটি পর্যন্ত ধন দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছিল । আলফাৰ ধন দাবীৰ ঘটনাত শংকিত হৈ বাগিচাৰ কৰ্তৃপক্ষই চৰাইদেউ আৰক্ষীক অৱগত কৰাৰ পাচত আৰক্ষীয়ে এই ক্ষেত্ৰত বিশেষ তৎপৰতা প্ৰদৰ্শন কৰি বাগিচাসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলিছিল । কিন্তু ইয়াৰ মাজতে টিমন চাহ বাগিচাৰ পৰিচালকজনে আলফাৰ ধন দাবীৰ ঘটনাত শংকিত হৈ চাকৰি এৰি বাগিচাৰ পৰা ইতিমধ্যে পলায়ন কৰিছে ।

আনহাতে শেহতীয়াকৈ জিলাখনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বৰহাট অঞ্চলৰ বিমলাপুৰ চাহ বাগিচাত আলফাই ধন দাবী কৰাত ভ্ৰীতিগ্ৰস্ত হৈ বাগিচাখনৰ সহঃপৰিচালকজনে বাগিচা এৰি নিজ ৰাজ্যলৈ পলায়ন কৰাৰ তথ্য পোহৰলৈ আহিছে । বৰ্তমান সময়ত আলফাৰ ধন দাবীৰ ঘটনাক লৈ উজনিৰ বাগিচা অঞ্চলসমূহত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । উল্লেখ্য যে, চৰাইদেউ জিলাত শেহতীয়াকৈ আলফাৰ স্বাধীনৰ সদস্যই বাগিচা পৰিচালকক ধনদাবী কৰা ঘটনাৰ সংক্ৰান্তত কেইবাটাও গোচৰ ৰুজু হৈছে ।

প্ৰাপ্ত তথ্য মতে, আলফা স্বাধীনৰ এটা দলে শেহতীয়াকৈ ম্যানমাৰৰ পৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত প্ৰৱেশ কৰি উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত ধন দাবী কৰি আহিছে । লক্ষ্যনীয় বিষয় যে আলফা স্বাধীনৰে চৰকাৰৰ শান্তি আলোচনা প্ৰক্ৰিয়া সঠিকভাৱে আগবাঢ়ি নোযোৱাত সংগঠনটোৱে পুনৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ।

ইফালে আলোচনা প্ৰক্ৰিয়া একপ্ৰকাৰ স্থবিৰ হৈ থকাত কে এল অ’ৰ এটা বিভাজিত গোটেও ৰাজ্যত ধন সংগ্ৰহৰ পৰা আৰম্ভ কৰি সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ তথ্য পোহৰলৈ আহিছে । লক্ষ্যনীয় বিষয় যে শান্তি আলোচনাৰ বিষয়টো স্থবিৰ হৈ থকাৰ সময়তে আলফা স্বাধীনে এন এছ চি এনৰ সৈতে লগ লাগি অন্য সংগঠনক সামৰিক প্ৰশিক্ষণ প্ৰদান কৰি নিজৰ অৰ্থনৈতিক আৰু সাংগঠনিক ভেটি প্ৰসাৰৰ পৰিকল্পনা কার্যকৰী কৰাৰ দিশত আগবাঢ়িছে । সংগঠনটোৱে ধন দাবী কৰাৰ বাবে মূলত উজনি অসমৰ ৰাজনীতিক আৰু চাহ ব্যৱসায়ী সকলক লক্ষ্য কৰি লৈছে । প্ৰাপ্ত তথ্য অনুসৰি আলফা স্বাধীনে শেহতীয়াকৈ ৰাজ্যত বৃহৎ পৰিমাণৰ পুঁজি সংগ্ৰহৰ পৰিকল্পনা কৰিছে । এনে এক পৰিস্থিতিত ৰাজ্যখনৰ পৰিৱেশ পুনৰ অশান্ত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :ULFA(I) demands money: চৰাইদেউৰ বিমলাপুৰ চাহ বাগিচাত আলফাৰ ধন দাবীক লৈ তীব্ৰ চাঞ্চল্য

ABOUT THE AUTHOR

...view details