গুৱাহাটী, ৯ ফেব্ৰুৱাৰীঃশেহতীয়াকৈ কেইবাদিনো ধৰি বিভিন্ন অঞ্চলৰ পৰা কেইবাজনো যুৱক-যুৱতী ঘৰৰ পৰা ওলাই গৈ ঘৰলৈ উভতি নহাত আলফাত যোগদান কৰিবলৈ যোৱা বুলি বাতৰি প্ৰকাশ পাই আহিছে ৷ ইতিমধ্যে আৰক্ষীয়ে কেইবাজনো যুৱকক আটকো কৰিছে ৷
আলফা (স্বাঃ) ৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে বুধবাৰে এটা বিবৃতি প্ৰেৰণ কৰি কয় যে, সংগঠনটোৱে কেতিয়াও ফেচবুকৰ জৰিয়তে অসমীয়া যুৱক যুৱতীক সংগঠনত ভৰ্তি কৰোৱাৰ ব্যবস্থা কৰা নাই । সদস্যগৰাকীয়ে লগতে এই কথাও স্পষ্ট কৰিলে যে এয়া অসম আৰক্ষীৰে এক ষড়যন্ত্ৰ (Ulfa faction termed it as a conspiracy) ।
ফেচবুকৰ জৰিয়তে আলফাত যোগদানৰ বাবে কাকো আকৃষ্ট কৰা হোৱা নাই: আলফা (স্বাঃ) "ভাৰতীয় দখলদাৰী বাহিনী আৰু অসম আৰক্ষীয়ে একাংশ সংবাদকৰ্মী, ছাত্ৰ সংগঠনৰ সদস্য আৰু কিছু নিবনুৱা যুৱকৰ জৰিয়তে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে সংযুক্ত মুক্তি বাহিনী (স্বাঃ) ৰ নীতি আদৰ্শ, লক্ষ্য-উদ্দেশ্য ব্যৱহাৰেৰে অসমৰ একাংশ নিৰীহ যুৱকক আলফা (স্বাঃ) ৰ প্ৰতি আকৃষ্ট কৰি সংগঠনত ভৰ্তি কৰোৱাৰ উদ্দেশ্যে ঘৰৰ পৰা মাতি পৰৱৰ্তী সময়ত তেওঁলোকেই সেই যুৱকসকলক গ্ৰেপ্তাৰ কৰি সংবাদ মাধ্যম যোগে প্ৰচাৰ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে," ৰুমেল অসমে বিবৃতিটোত কয় (Conspiracy against Ulfa Independent)।
সংগঠনটোৱে বিবৃতিটোৰ জৰিয়তে এই কথাও জনায় যে লগতে গ্ৰেপ্তাৰ হোৱা যুৱকসকলক পৰৱৰ্তী সময়ত সেনা-আৰক্ষীৰ এজেন্ট হিচাপে নিয়োজিত কৰি আলফা (স্বাঃ) ৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ প্ৰমাণ তেওঁলোকৰ হাতত উপলব্ধ ।
"এনে নিৰ্লজ্জ অপকৌশলেৰে সেনা-আৰক্ষীয়ে নিজৰ পদোন্নতি আৰু সস্তীয়া জনপ্ৰিয়তাৰ দৌৰত অৱতীৰ্ণ হোৱা অনেক উদাহৰণ আমাৰ হাতত আহি পৰিছে । সম্প্ৰতি পেঙেৰী, বৰডুমচা, ডুমডুমা, জাগুন, ডিগবৈ আৰু মাকুমত আটক কৰা যুৱকসকল ইয়াৰ জ্বলন্ত উদাহৰণ । সেনা-আৰক্ষীৰ এনে ষড়যন্ত্ৰত হাত উজান দিয়া সংবাদকৰ্মী, ছাত্ৰ সংগঠনৰ সদস্য আৰু নিবনুৱা যুৱক, লোকসকলক ইতিমধ্যে আমি চিনাক্ত কৰিছো । গতিকে সেইসকল লোকক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ অন্তিমবাৰৰ বাবে সকীয়নি প্ৰদান কৰিলো," তেওঁ কয় ।
ফেচবুকৰ জৰিয়তে আলফাত যোগদানৰ বাবে কাকো আকৃষ্ট কৰা হোৱা নাই: আলফা (স্বাঃ) আলফা (স্বাঃ) এ ফেচবুকৰ জৰিয়তে কোনো ধৰণৰ সদস্য ভৰ্তি বাহাল ৰখা নাই বুলি স্পষ্ট কৰি, সংগঠনটোৱে তেনে লোকসকলৰ বিৰুদ্ধে অতি সোনকালে সশস্ত্ৰ অভিযান চলাবলৈ কোনো ধৰণৰ কুন্ঠাবোধ নকৰিব বুলি সকিয়াই দিয়ে ।
লগতে পঢ়ক:আলফা স্বাধীনত যোগদানৰ বাবে যোৱা ৪ যুৱকক আটক