নিউজ ডেস্ক, 21 ডিচেম্বৰ :শেহতীয়াকৈ অসমৰ তিনি স্থানত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত অসমত আৰক্ষীয়ে যোৰহাট, গুৱাহাটীকে ধৰি বিভিন্ন স্থানৰ পৰা যোগসূত্ৰ থকাৰ অভিযোগত যিকেইজন যুৱকক আটক বা গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ এজনো আলফা(স্বা)ৰ সৈতে জড়িত নহয় ৷ বৃহস্পতিবাৰে এক বিবৃতিৰযোগে এই কথা স্পষ্ট কৰি দিয়ে ৷
আলফা(স্বা)ৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে কয়,
‘‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)" সংগঠনৰ সহযোগকাৰীৰূপে বা উল্লিখিত অভিযান সমূহৰ সন্দৰ্ভত গ্ৰেপ্তাৰ আৰু আটকাধীন যুৱকসকল কোনো প্ৰকাৰে জড়িত নহয় । এই সময়চোৱাত সেইসকল নিৰীহ যুৱকক আটক আৰু গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীয়ে যি আত্মসন্তুষ্টি লাভ কৰিব বিচাৰিছে সেয়া প্ৰকৃততে অসম আৰক্ষীয়ে নিজৰ বিফলতাৰ দোষ ঢাকিবলৈ কৰা এক বিনিৰ্জিত প্ৰয়াস মাথো । অসম আৰক্ষীৰ এনে কৰ্ম গৰিহণাৰ যোগ্য আৰু নিন্দনীয় ।’’(অসম্পাদিত)