গুৱাহাটী, ৬ এপ্ৰিল: আলফাৰ সৈতে সম্পৰ্ক নাছিল সুৰজ গগৈৰ । সুৰজ গগৈৰ মৃত্যুৰ পিছতে এক বিবৃতিৰ জৰিয়তে আলফা স্বাধীনে এই বিষয়ে স্পষ্ট কৰিছে (ULFA I reacts on death of Suraj Gogoi)। বিগত ৩ মাৰ্চত আৰক্ষীয়ে আলফাৰ যোগাযোগকাৰী বুলি সন্দেহ কৰি সুৰজ গগৈক আটক কৰাৰ পৰৱৰ্তী সময়ত গুলীয়াই আহত কৰিছিল । আৰক্ষীৰ গুলী লাগিছিল সুৰজ গগৈৰ ভৰিত । ইয়াৰ পিছতে দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা সুৰজ গগৈয়ে ৫ এপ্ৰিলত মৃত্যুক সাৱটি লয় ।
সুৰজ গগৈৰ মৃত্যুৰ পিছতে মঙলবাৰে আলফা (স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ হৈ কেপ্তেইন ৰুমেল অসমে এক বিবৃতি প্ৰকাশ কৰে । বিবৃতিটোত কোৱা হয় যে সুৰজ গগৈ নামৰ নিৰীহ যুৱকজনক ‘সংযুক্ত মুক্তী বাহিনী, অসম (স্বাধীন)’ সংগঠনৰ যোগাযোগকাৰীৰ সন্দেহত চৰাইদেউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পাশৱিক নিৰ্যাতন চলোৱাৰ পিছত সুস্থ মগজুৰে ভৰিত গুলী কৰি চিকিৎসালয়ৰ বিছনাত পেলাই থৈ যায় । এমাহ ধৰি মৃত্যুৰ সৈতে যুঁজি অৱশেষত ৫ এপ্ৰিল তাৰিখে তেওঁ মৃত্যুক সাৱটি ল'বলগা হয় । তেওঁৰ অকাল মৃত্যুত আলফা স্বাধীনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।