অসম

assam

ETV Bharat / state

ULFA I letter to Sikhs For Justice: মুখ্যমন্ত্ৰীলৈ খালিস্তানী সংগঠনৰ ভাবুকি; ‘শিখ ফ’ৰ জাষ্টিছ’লৈ পৰেশ বৰুৱাৰ পত্ৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি প্ৰদান কৰা ‘শিখ ফ’ৰ জাষ্টিছ’লৈ আলফা(স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ পত্ৰ ৷ সংগঠনটোক ভাবুকিভৰা মন্তব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান পৰেশ বৰুৱাৰ ৷ এই সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা পৰেশ বৰুৱাৰ (ULFA I letter to Sikhs For Justice) ৷

ULFA I letter to Sikhs For Justice
‘শিখ ফ’ৰ জাষ্টিছ’লৈ পৰেশ বৰুৱাৰ পত্ৰ

By

Published : Apr 3, 2023, 4:32 PM IST

নিউজ ডেস্ক, 3 এপ্ৰিল:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খালিস্তানপন্থী সংগঠন ‘শিখ ফ’ৰ জাষ্টিছ’য়ে অডিঅ’ বাৰ্তাযোগে ভাবুকি প্ৰদানৰ (Khalistan leader threatened Himanta Biswa) পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা(স্বাঃ)ই ৷ সোমবাৰে সংবাদ মাধ্যমলৈ এক পত্ৰ প্ৰেৰণ কৰি এই কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিছে সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই (ULFA I letter to Sikhs For Justice) ৷

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত আলফা(স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কয় যে অসমৰ মুখ্যমন্ত্ৰীলৈ ‘শিখ ফ’ৰ জাষ্টিছ’য়ে যি সতৰ্কবাণী প্ৰেৰণ কৰিছে সেয়া দুৰ্ভাগ্যজনক আৰু এয়া ভুল বুজাবুজিৰ বাবে হৈছে ৷ তেওঁ লগতে কয় যে ভাৰতীয় সেনাৰ দ্বাৰা অমৃতসৰৰ সোণালী মন্দিৰত চলোৱা ‘অপাৰেচন ব্লুষ্টাৰ’ৰ পৰৱৰ্তী সময়ত সমগ্ৰ ভাৰতত শিখ বিৰোধী ঢৌ বিয়পি পৰে ৷ তাৰ পাচতেই ভাৰতৰ বিভিন্ন প্ৰান্তত শিখ নিধনযজ্ঞ আৰম্ভ হৈছিল ৷ কিন্তু অসমৰ ৰাইজে শিখসকলৰ ওপৰত অত্যাচাৰ চলোৱাৰ পৰা বিৰত আছিল ৷

ইয়াৰ লগতে পৰেশ বৰুৱাই কয়, ‘‘31 অক্টোবৰ 1984 চনত তদানীন্তন প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক গুলীয়াই হত্যা কৰা পিচমূহুৰ্তত শিখসকলক যিধৰণে বৰ্বৰভাৱে হত্যা কৰা হৈছিল তেনে অগ্নিগর্ভা সময়ত অসম তথা পশ্চিমা-দক্ষিণ-পূৱ এছিয়া (ৱেছিয়া)ৰ কোনো এজন শিখ ব্যক্তিক হত্যা কৰা কিম্বা হাৰাশাস্তি চলোৱাৰ উদাহৰণ নাই ৷’’

অসমৰ ৰাজনৈতিক নেতাসকলো শিখসকলৰ ওপৰত বিৰূপ মন্তব্য কৰাৰ পৰা বিৰত আছিল আৰু আজিও তাৰ ব্যতিক্ৰম নহয় বুলি উল্লেখ কৰি আলফা(স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কয় যে এয়া অসমৰ ৰাইজৰ উদাৰতা তথা ৰীতি-নীতি ৷

‘শিখ ফ’ৰ জাষ্টি’ সংগঠনৰ নেতাসকলক সকীয়নিমূলক তথা ভাবুকিভৰা মন্তব্যৰ পৰা বিৰত থাকি অতীতৰ ভয়ঙ্কৰ পৰিস্থিতিত অসমৰ ৰাজনৈতিক নেতাসকলৰ লগতে জনগণৰ ভূমিকা সোঁৱৰি চাবলৈয়ো আহ্বান জনায় পৰেশ বৰুৱাই (Khalistani threat to Assam CM) ৷

উল্লেখ্য যে, এক অডিঅ’ বাৰ্তাযোগে অসমত শিখসকলক অত্যাচাৰ কৰা আৰু ডিব্ৰুগড়ৰ কাৰাগাৰত থকা খালিস্তানী নেতাসকলক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰি ভাবুকি প্ৰদান কৰিছিল ‘শিখ ফ’ৰ জাষ্টি’ নামৰ সংগঠনটোৱে ৷ এই ভাবুকিৰ পাচতেই এতিয়া তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰতো গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ ব্যৱস্থা ৷

লগতে পঢ়ক:Khalistani threat to Assam CM: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খালিস্তানীৰ ভাবুকি; তৎপৰ আৰক্ষী

ABOUT THE AUTHOR

...view details