অসম

assam

By

Published : Jan 23, 2022, 10:45 PM IST

ETV Bharat / state

এইবাৰ গণৰাজ্য দিৱসত বন্ধ নিদিয়ে আলফাই

ক’ভিড মহামাৰীৰ তৃতীয়টো ঢৌৰ সংক্রমণ বৃদ্ধি পাই থকা আৰু বিগত দুটা বছৰত থলগিৰি জনগণৰ জীৱন-জীৱিকাৰ ওপৰত নেতিবাচক প্রভাৱ পৰাৰ পৰিপ্ৰেক্ষিতত আলফা স্বাধীনে এইবাৰ গণৰাজ্য দিৱসত সশস্ত্র প্রতিবাদ আৰু বন্ধ ঘােষণা কৰা নাই (ULFA I statement on Republic day) ।

ULFA I statement on Republic day
ULFA I statement on Republic day

গুৱাহাটী, ২৩ জানুৱাৰী : গণৰাজ্য দিৱসৰ নিৰাপত্তাক লৈ চৌদিশে অভেদ্য দুর্গ সৃষ্টি কৰাৰ প্ৰাক্ ক্ষণত আলফা স্বাধীনে সশস্ত্র প্রতিবাদ নকৰাৰ কথা ঘােষণা কৰিছে (ULFA I statement on Republic day) । আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই এই সন্দৰ্ভত স্পষ্ট কৰি দিছে যে গণৰাজ্য দিৱসৰ দিনটোত আলফাই সশস্ত্র প্রতিবাদ কৰাৰ পৰা বিৰত থকাৰ উপৰি কোনােধৰণৰ বন্ধ ঘােষণা কৰা নাই (ULFA I don't announces bandh in Republic Day)।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰেশ বৰুৱাই কয় যে, সমগ্র বিশ্বতে বর্তমান ক’ভিড মহামাৰীৰ তৃতীয়টো ঢৌৰ সংক্রমণ বৃদ্ধি পাই থকা আৰু বিগত দুটা বছৰত থলগিৰি জনগণৰ জীৱন-জীৱিকাৰ ওপৰত যি নেতিবাচক প্রভাৱ পৰিল, তাৰ পৰিপ্ৰেক্ষিতত আলফাই এইবাৰ গণৰাজ্য দিৱসত সশস্ত্র প্রতিবাদ আৰু বন্ধ ঘােষণা কৰা নাই ।

ULFA I statement on Republic day

কিন্তু উক্ত দিনত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ঘােষিত ক’ভিডৰ নীতি-নির্দেশনা সম্পূৰ্ণৰূপে মানি ক'লা পতাকা উত্তোলন, ক'লা বেজ পৰিধান আদিৰ লগতে সকলাে ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠন তথা মুক্তিকামী ৰাইজক ঔপনিৱেশিক ৰাষ্ট্ৰৰ গণৰাজ্য দিৱসৰ সকলাে কার্যক্রমণিকাত অংশ গ্ৰহণৰ পৰা বিৰত থাকি প্রতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে আলফা স্বাধীনে ।

বিবৃতিটোত উল্লেখ কৰা হয় যে, সম্প্রতি বিশ্বব্যাপী কৰ'ণা মহামাৰীৰ তৃতীয়টো সংহাৰী ৰূপ অব্যাহত থকাৰ লগতে ক’ভিডৰ নতুন প্রজাতি অ'মিক্রণৰ সংক্রমণ দিনক দিনে বৃদ্ধি পাই আহিছে । এনে ভয়াৱহ পৰিস্থিতিত অসম মুলুকত ভূতৰ ওপৰত দানহ পৰা দি ভাৰত ৰাষ্ট্ৰই গণৰাজ্য দিৱস ৫ দিনীয়াকৈ উদযাপন কৰিব লােৱাটো অতিকৈ নিন্দনীয় আৰু অসম-ভাৰত ৰাজনৈতিক সংঘাতক দীর্ঘম্যাদী কৰাৰ ষড়যন্ত্র বুলি আলফা স্বাধীনে সদৰি কৰে ।

লগতে পঢ়ক :অতীত হ’ব নেকি নামৰূপ সাৰ কাৰখানা !

ABOUT THE AUTHOR

...view details