গুৱাহাটী, ১০ ডিচেম্বৰ :আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক প্ৰত্যুত্তৰ দিবলৈকে আলফা স্বাধীনে শেহতীয়াকৈ দুটাকৈ বিস্ফোৰণ ঘটাইছে ৷ এই দাবী কৰিছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে । কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক কপাহতলি সেনা চাউনী আৰু শনিবাৰে শিৱসাগৰৰ জয়সাগৰৰ CRPF কেম্পৰ সমীপত হোৱা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে । এই সন্দৰ্ভত দেওবাৰে পুৱা এক বিবৃতি প্ৰেৰণ কৰে সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে ।
এই বিবৃতিযোগে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক প্ৰধানত লক্ষ্য কৰি লয় সংগঠনটোৱে । আলফা স্বাধীনে কয় যে দুয়োটা অভিযানৰ উদ্দেশ্য জি পি সিঙে আগবঢ়োৱা বক্তব্যৰ প্ৰতিক্ৰিয়া মাথোঁ । বিবৃতিটোত আলফা স্বাধীনে কয়, ‘সংযুক্ত মুক্তি বাহিনী, অসম(স্বা) সংগঠনৰ দ্বাৰা যোৱা ইংৰাজী ২২ নৱেম্বৰ ২০২৩ তাৰিখৰ সন্ধিয়া তিনিচুকীয়া জিলাৰ ডিৰাক কপাহতলীস্থিত ভাৰতীয় সেনা বাহিনীৰ ১৯ নং গ্ৰেনেডিয়াৰ শিবিৰৰ সন্মুখত আৰু কালি সন্ধিয়া শিৱসাগৰৰ জয়সাগৰস্থিত CRPF ৰ ১৪৯ নং বেটালিয়নৰ দ্বিতীয়টো শিবিৰত দুটাকৈ সামৰিক অভিযান চলোৱা হয়’’ ৷
লগতে পঢ়ক :গেলামালৰ দোকানলৈ গ্ৰেণেড নিক্ষেপ দুষ্কৃতিকাৰীৰ, CCTV কেমেৰাত বন্দী সমগ্ৰ দৃশ্য
লগতে তেওঁ কয়, “অসম আৰক্ষীৰ সৈতে আমাৰ কোনো বৈৰী ভাব নাই ৷ যিহেতু তেখেত সকলো অসমী জননীৰ সতি-সন্ততি ৷ সেই সুবাদতেই তেখেত সকলৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু স্নেহ আছে ৷ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই জি পি সিঙৰ দৰে অহংভাৱ প্ৰকাশ কৰি বিভাগটোৰ ব্যক্তিগতকৰণ কৰা নাছিল’’ ৷