গুৱাহাটী, 10 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে সেনা-আৰক্ষী আৰু আলফা (স্বাঃ)ৰ মাজত হোৱা সংঘৰ্ষত নিহত হোৱা আলফা (স্বাঃ)ৰ কেডাৰ উদয় অসমক ‘অমৰ মৃতক’ ঘোষণা (ULFA I cadre Uday Axom Killed) ৷ লিডুৰ টিকক মালৌ পাহাৰত হোৱা সংঘৰ্ষত নিহত হোৱা উত্তম লাহন ওৰফে উদয় অসমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সংবাদমাধ্যলৈ প্ৰেৰণ কৰা এক বিবৃতিত অমৰ মৃতক ঘোষণা কৰাৰ কথা সদৰী কৰিছে সংগঠনটোৱে (ULFA I cadre killed in Tinsukia) ৷ উল্লেখ্য যে, চৰাইদেউ জিলাৰ সোণাৰিৰ পুৰণি জৱকা গাঁৱৰ বাসিন্দা 2য় লেফ্টেনেণ্ট উদয় অসমে 2012 চনত যোগদান কৰিছিল আলফা স্বাধীনত ৷
বিবৃতিত আলফা স্বাধীনৰ সাধাৰণ সম্পাদক অৰুণোদয় অসমে শোকবাৰ্তা প্ৰকাশ কৰি উদয় অসমৰ শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ জ্ঞাপন কৰে সমবেদনা ৷ বিবৃতিটোত কোৱা হয় যে, উদয় অসমৰ ওপৰত সংগঠনে ন্যস্ত কৰা প্ৰতিটো কাৰ্য নিষ্ঠাসহকাৰে সমাপন কৰি সংগঠনটোক আগুৱাই যোৱাত উল্লেখনীয় ভূমিকা পালন কৰিছিল ৷ 2য় লেঃ উদয় অসম ওৰফে উত্তম লাহন সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ এগৰাকী প্ৰকৃত দেশপ্ৰেমিক, অত্যন্ত সাহসী, নিয়মানুবর্তীতা, নিষ্ঠাবান আৰু সদা সচেতন সেনানী আছিল ।’’
উল্লেখ্য যে, নিহত উদয় অসম আছিল সংগঠনটোৰ বোমা বিশেষজ্ঞ (IED exper Uday Axom) আৰু তেওঁ নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰণত জড়িত আছিল । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰু লেখাপানী থানাৰ অন্তৰ্গত স্থানত কিছুদিন ধৰি এটা 7-8 জনীয়া আলফা (স্বাঃ)ৰ দলে বাহৰ পাতি থকাৰ তথ্য লাভ কৰিছিল ৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি এগৰাকী ব্যৱসায়ীক অপহৰণ কৰাৰ বাবে আলফা (স্বাঃ)ৰ দলটোৱে সেই স্থানত বাহৰ পাতি আছিল আৰু আলফা (স্বাঃ)ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই অহা নৱ নিযুক্ত ডিজিপি জি পি সিং আৰু উজনি অসমৰ ডিআইজি জিৎমল দলেকো আলফা(স্বাঃ)ৰ দলটোৱে আক্ৰমণৰ পৰিকল্পনা কৰিছিল ৷
সেই তথ্যৰ ভিত্তিতে বুধবাৰে নিশা আৰক্ষী আৰু সেনাই অভিযান চলাই আৰু সেই অভিযানৰ সময়তে দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় উদয় অসম ৷ আৰক্ষীয়ে উদয় অসমৰ পৰা জব্দ কৰে এটা পিষ্টল, এটা AK চিৰিজৰ ৰাইফল, বিস্ফোৰক সামগ্ৰী ইত্যাদি ৷ ইফালে, নিহত উদয় অসমক শীতল মস্তিষ্কৰে অতি পৰিকল্পিতভাৱে শূন্য দূৰত্বৰ পৰা আৰক্ষীয়ে হত্যা কৰিছে বুলি সদৰী কৰিছে আলফা স্বাধীনে ৷
লগতে পঢ়ক:ULFA I cadre neutralized: কেইবাটাও আক্ৰমণৰ ঘটনাত জড়িত উদয় আছিল আৰক্ষীৰ বাবে মূৰৰ কামোৰণি