নিউজ ডেস্ক, 25 ডিচেম্বৰ :বহু বাদ-বিবাদ আৰু চৰ্চাৰ অন্তত আগন্তুক মাঘ বিহুৰ আশে-পাশে দিল্লীত ভাৰত চৰকাৰৰ সৈতে আলফা আৰু চৰকাৰৰ মাজত শান্তিচুক্তি স্বাক্ষৰ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ ইতিমধ্যে এই শান্তিচুক্তিৰ খচৰা প্ৰস্তুতকৰণৰ কামো আৰম্ভ হৈছে ৷ এই খচৰা প্ৰস্তুতৰ বাবে সোমবাৰে সন্ধিয়া দিল্লীত গৈ উপস্থিত হয় আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু সংগঠনটোৰ বৈদেশিক সচিব শশধৰ চৌধুৰী ৷ আজি নিশা সাধাৰণ সম্পাদক চেতিয়াই দিল্লীৰ পৰা ফোনযোগে ইটিভি ভাৰতৰ আগত এই কথা নিশ্চিত কৰিছে ৷
তেওঁ কয় যে খচৰা প্ৰস্তুকৰণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সৈতে শীঘ্ৰে দুয়োগৰাকী নেতা আলোচনাত মিলিত হ’ব আৰু তাৰ পিচতেই চুক্তিৰ খচৰা সাজু হৈ উঠিব বুলি আশা কৰা হৈছে ৷ অৱশ্যে গৃহ মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কোন দিনা তেওঁলোক মিলিত হ’ব সেই সময়সূচী এতিয়াও নিশ্চিত কৰা হোৱা নাই বুলি চেতিয়াই জানিবলৈ দিয়ে ৷
ইপিনে জানিব পৰা মতে, এই খচৰা প্ৰস্তুতৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ এটা শীৰ্ষ আমোলাৰ দলো আজি নিশা দিল্লীত উপস্থিত হৈছে ৷ মন কৰিবলগীয়া যে, ইতিমধ্যে আলফাৰ ফালৰ পৰা 11 টাতকৈয়ো অধিক দাবীৰ এক দাবী চনদ কেন্দ্ৰীয় চৰকাৰৰ হাতত দাখিল কৰা হৈছিল ৷