গুৱাহাটীত আটক দুধৰ্ষ আলফা কেডাৰ - দুৰ্গা পূজা
গোপন সূত্ৰৰ ভিত্তিতে জালুকবাৰী আৰক্ষীয়ে কামাখ্যা ৰে'ল ষ্টেচনত অভিযান চলাই আটক কৰে আলফা কেডাৰজনক ৷

গুৱাহাটী, 25 চেপ্তেম্বৰঃ দুৰ্গা পূজাৰ পূৰ্বে গুৱাহাটীত কূটাঘাটৰ লক্ষ্য আলফা স্বাধীনৰ। আলফাৰ কূটাঘাট ৰোধৰ বাবে তৎপৰ মহানগৰ আৰক্ষী । বুধবাৰে পুৱতি নিশা জালুকবাৰী আৰক্ষীৰ জালত পৰে এজন দুৰ্ধৰ্ষ আলফা কেডাৰ । গোপন সূত্ৰৰ ভিত্তিতে জালুকবাৰী আৰক্ষীয়ে কামাখ্যা ৰে'ল ষ্টেচনত অভিযান চলাই আটক কৰে আলফা কেডাৰজনক । ধৃত কেডাৰজনৰ নাম দিগন্ত চেতিয়া বুলি জানিব পৰা গৈছে । ধেমাজিৰ পৰা গুৱাহাটীলৈ আহিছিল দিগন্ত চেতিয়া। কেডাৰজনক সোধ-পোছ অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে। আৰক্ষীৰ সন্দেহ কেইবাজনো আলফা কেডাৰে প্ৰৱেশ কৰিছে গুৱাহাটী মহানগৰীত ।