অসম

assam

ETV Bharat / state

প্ৰফেছৰ ৰমেশ ভৰদ্বাজলৈ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ছ'লজাৰ অৱ হিউমেনিটি এৱাৰ্ড - সংবিধানৰ অষ্টম অনুসূচী

বিশিষ্ট গান্ধীবাদী, প্ৰফেছৰ ৰমেশ চন্দ্ৰ ভৰদ্বাজলৈ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ছলজাৰ অৱ হিউমেনিটি বঁটা ৷ দেওবাৰে মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ চেন্টাৰত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰে ৰমেশ চন্দ্ৰ ভৰদ্বাজে ৷

UG_brahma Award
প্ৰফেছৰ ৰমেশ ভৰদ্বাজলৈ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ছ'লজাৰ অৱ হিউমেনিটি এৱাৰ্ড

By

Published : Jan 10, 2021, 5:36 PM IST

গুৱাহাটী, 10 জানুৱাৰী :এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত দেওবাৰে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ছলজাৰ অৱ হিউমেনিটি বঁটা প্ৰদান কৰা হ‘ল বিশিষ্ট গান্ধীবাদী, প্ৰফেছৰ ৰমেশ চন্দ্ৰ ভৰদ্বাজক। মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ চেন্টাৰত আয়োজিত অনুষ্ঠিত এই অনুষ্ঠানত বঁটা গ্ৰহণ কৰে প্ৰফেছৰ ভৰদ্বাজে ৷

প্ৰফেছৰ ৰমেশ ভৰদ্বাজলৈ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ছ'লজাৰ অৱ হিউমেনিটি এৱাৰ্ড

তেখেতে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ অবদানক স্মৰণ কৰি কয় যে, প্ৰয়াত ব্ৰহ্মই এবছুক নেতৃত্ব দিছিল আৰু সেই এবছুই বড়ো সমাজৰ মাতৃ সংগঠন। এবছুৰ কথা নুশুনাকৈ যদি কোনোবাই শাসন কৰিব বিচাৰিছে তেতিয়া হলে সেয়া কেতিয়াও সঠিক পথৰে গতি নকৰিব। বড়ো ভাষাই সংবিধানৰ অষ্টম অনুসূচীত স্থান পোৱাৰ প্ৰেক্ষাপটলৈ আঙুলিয়াই দি প্ৰফেছৰ ভৰদ্বাজে কয় যে, যদি বৰ্তমানৰ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি প্ৰশাসনে বি টি আৰত এখন গান্ধী আশ্ৰম প্ৰতিষ্ঠা কৰিবলৈ দিয়ে তেন্তে তেওঁ সেই দায়িত্ব ল’বলৈ প্ৰস্তুত আছে।

আনহাতে, অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বড়ো ভাষাই সংবিধানৰ অষ্টম অনুসূচীৰ দ্বাৰা স্বীকৃত হোৱাৰ ক্ষেত্ৰত প্ৰফেছৰ ৰমেশ চন্দ্ৰ ভৰদ্বাজৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে। তেওঁ কয় যে, বড়ো সকলৰ উত্তৰণৰ ইতিহাসত অসমৰ বাহিৰে ভিতৰে থকা ভালে সংখ্যক অবড়ো লোকৰ গুৰুত্বপূৰ্ণ অবদান আছে আৰু তাৰে এগৰাকী উল্লেখনীয় ব্যক্তি হল প্ৰফেছৰ ৰমেশ চন্দ্ৰ ভৰদ্বাজ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৱাজবিৰ হুছেইনে উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সৈতে কটোৱা সময়ৰ কথা শ্ৰদ্ধাৰে সুৱৰি কয় যে, প্ৰয়াত ব্ৰহ্ম আছিল এজন মানবতাবাদী, এজন গান্ধীবাদী নেতা। 'লিভ এন্ড লেট লিভ' শ্লোগানেৰে সমগ্ৰ জাতিৰ উপান্ত মানুহৰ ভবিষ্যতৰ বাবে কাম কৰিছিল বডোফাই। আচলতে, বড়ো জাতিয়ে প্ৰয়াত উপেন্দ্ৰ নাথ ব্ৰহ্মক প্ৰদান কৰা 'বডোফা' উপাধি হল যথাৰ্থ সন্মান। অনুষ্ঠানত বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপেও প্ৰয়াত উপেন্দ্ৰ নাথ ব্ৰহ্মক শ্ৰদ্ধাৰে সুঁৱৰি বঁটা প্ৰাপক প্ৰফেছৰ ৰমেশ চন্দ্ৰ ভৰদ্বাজক অসমৰ বড়ো সমাজৰে এগৰাকী সদস্য বুলি অভিহিত কৰে।
বিশিষ্ট সাংবাদিক তথা ৰাজ্যিক তথ্য আয়োগৰ আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপৰ সভাপতিত্ব কৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাবে উপস্থিত থাকি বক্তব্য আগবঢ়াই বিশিষ্ট সাংবাদিক ৱাজবিৰ হুছেইনে। অনুষ্ঠানত প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰহ্ম, বিশ্বজিৎ দৈমাৰী বড়ো সাহিত্য সভাৰ সভাপতি তড়েন বসুমতাৰী প্ৰমুখ্যে ভালে কেইগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।উল্লেখযোগ্য যে যোৱা সোতৰ বছৰ ধৰি উপেন্দ্ৰ নাথ ব্ৰহ্ম ন্যাস একোগৰাকী বিশিষ্ট ব্যক্তিলৈ এই বঁটা প্ৰদান কৰি আহিছে। আজি 2020 চনৰ বাবে এই বঁটা প্ৰফেছৰ ৰমেশ চন্দ্ৰ ভৰদ্বাজলৈ প্ৰদান কৰা হয়।

লগতে পঢ়ক: বড়োভূমিৰ 5 টা সমষ্টিত নিজাকৈ প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে

ABOUT THE AUTHOR

...view details