গুৱাহাটী, ৩ এপ্ৰিল :আকৌ প্ৰতিবাদ ৷ পুনৰ প্ৰতিবাদী কণ্ঠত কঁপি উঠিল চচলৰ প্ৰতিবাদস্থলী ৷ আহোম লেণ্ড (সুকীয়া জনজাতীয় ৰাজ্য) আৰু টাই আহোম লোকসকলক অতি শীঘ্ৰে জনজাতীয় মৰ্যাদা প্ৰদানৰ দাবীত সোমবাৰে মহানগৰীৰ চচলত প্ৰতিবাদত বহিল টাই আহোম জনগোষ্ঠী লোকসকল (TYPA protest against Assam Govt) ।
টাই আহোম যুৱ পৰিষদ, অসম (টাইপা) ৰ উদ্যোগত সোমবাৰে দিনৰ প্ৰায় ১১ বজাৰ পৰা ২ বজালৈ ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে চচলৰ প্ৰতিবাদস্থলী উত্তাল কৰি তোলে (Tai Ahom protest in Guwahati)। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ আৰু সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁয়ে চৰকাৰক বহু সমালোচনা কৰে ৷
তেওঁলোকে কয়, ‘‘টাই আহোম জনগোষ্ঠীৰ একমাত্ৰ যুৱ সংগঠন টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাই জন্মলগ্নৰ পৰাই টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ বাবে চৰকাৰক দাবী জনায় আহিছে । কিন্তু লক্ষণীয় কথা এই যে, এই গুৰুত্বপূৰ্ণ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে বাৰে বাৰে আলোচনাৰ নামত কেৱল আলোচনা কৰি আহিছে ৷ কিন্তু টাইপাৰ মূল দাবী জনজাতিকৰণৰ বিষয়টোক লৈ আজিলৈ কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল । বিচাৰ্যৰ বিষয় এই যে, আজিলৈ মডেলিটি কেন্দ্ৰলৈ প্ৰেৰণ নকৰিলে ৰাজ্য চৰকাৰে’’ ।