টাই আহোম যুৱ পৰিষদৰ সংবাদমেল গুৱাহাটী, 10 জুলাই : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ জৰিয়তে ৰাজনৈতিক ভাৱে আহোমক নিঃশেষ কৰিবলৈ উঠি পৰি লাগিছে চৰকাৰ ৷ এনে খচৰা মানি লোৱা নহ’ব ৷ এই মন্তব্য টাই আহোম যুৱ পৰিষদ, অসমৰ সভাপতি চাও বিজয় ৰাজকোঁৱৰৰ ৷
2001 চনৰ লোকপিয়ল মতে নহয়; 2011 চনৰ লোকপিয়ল মতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ দাবী কৰিছে টাই আহোম যুৱ পৰিষদ, অসমে ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে টাই আহোম যুৱ পৰিষদৰ নেতৃবৰ্গই ৷ সংগঠনটোৰ সভাপতি বিজয়ম ৰাজকোঁৱৰে সংবাদমেলত কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ জৰিয়তে অসমীয়া লোকৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰিছে নে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ভাৱে মানদণ্ড নিম্নগামী কৰিব বিচাৰিছে ৷ অ-খিলঞ্জীয়া লোকক গুৰুত্ব প্ৰদান কৰি তেওঁলোকৰ স্বাৰ্থত বিজেপি চৰকাৰে প্ৰতিটো ক্ষেত্ৰতে খিলজ্ঞীয়া বিৰোধী স্থিতি লৈ আহিছে বুলি মন্তব্য কৰে নেতাজনে ৷
লগতে 2001 চনৰ লোকপিয়ল অনুসৰি প্ৰস্তুত কৰা খচৰাৰ বিৰোধীতা কৰি 2011 চনৰ লোকপিয়ল মতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ সংবাদমেলযোগে দাবী জনায় সংগঠনটোৱে ৷ তদুপৰি এন আৰ চিৰ শুদ্ধতা প্ৰতিষ্ঠা নহোৱাকৈ প্ৰস্তুত কৰা খচৰাৰ বিৰোধীতা কৰি যাম বুলিও মন্তব্য কৰে সংগঠনটোৰ সভাপতি গৰাকীয়ে ৷
তেওঁ সংবাদমেলত খিলঞ্জীয়া অধ্যুষিত সমষ্টি লাহোৱাল আৰু আমগুৰি সমষ্টি কৰ্তনৰ বিৰোধিতা কৰি এই দুটা সমষ্টি কৰ্তন নকৰিবলৈ দাবী জনায় ৷ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত সৰৱ হৈ টাইপাৰ সভাপতিগৰাকীয়ে কয় যে, প্ৰতিখন চৰকাৰে জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰি আহিছে ৷ এই প্ৰতাৰণাত স্তব্ধ হৈ পৰিছে আহোম সকল ৷ প্ৰথমে জনজাতিৰ মৰ্যদা প্ৰদান কৰক তাৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰক বুলি দাবী জনায় তেওঁ ৷ আনহাতে সংবাদমেলত শদিয়াৰ পৰা গুৱাহাটীলৈ পৃথক আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈও দাবী জনায় সংগঠটোৰ নেতৃবৰ্গই ৷
লগতে পঢ়ক:TMC Candidates in Rajya Sabha Polls : সুস্মিতাৰ আশা ভংগ; তৃণমূলে নিদিলে ৰাজ্যসভাৰ টিকট