ৰঙিয়া,১৭ ফেব্ৰুৱাৰী :ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ ৰঙিয়াতো দেখা গৈছে পৌৰ নিৰ্বাচনৰ (Assam municipal election 2022) ব্যাপক তৎপৰতা । মনোনয়ন দাখিলৰ পাছত এতিয়া ভিন্ন দলৰ প্ৰাৰ্থীসকল ব্যস্ত নিৰ্বাচনী প্ৰচাৰত । ইয়াৰ মাজতে ৰঙিয়াত দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য । এইবাৰ পৌৰসভা নিৰ্বাচনত ৰঙিয়াত কেইবাগৰাকীও যুৱ প্ৰাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে দুগৰাকী প্ৰাৰ্থীৰ বয়স ৩০ বছৰতকৈ কম (Two young candidates have filed nominations) ।
প্ৰাৰ্থী দুগৰাকীৰ ভিতৰত জয়া কলিতা হৈছে সকলোতকৈ কনিষ্ঠ প্ৰাৰ্থী । মহাবিদ্যালয়ৰ পৰা ওলায়েই ৰাজনীতিৰ পথাৰত ভৰি দিয়া জয়া কলিতাৰ বয়স মাত্ৰ ২২ বছৰ । জয়া কলিতাই এইবাৰ ৰঙিয়াৰ ৯ নং ৱাৰ্ডৰ পৰা অগপ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।
ৰঙিয়াৰ দুগৰাকী প্ৰাৰ্থীক লৈ বিশেষ চৰ্চা আনহাতে ৰঙিয়াৰ ১ নং ৱাৰ্ডত অসম জাতীয় পৰিষদ দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে অন্যতম কনিষ্ঠ প্ৰাৰ্থী ইকৰাম হুছেইন । ২৮ বছৰীয়া ইক্ৰাম হুছেইন এটা NGOৰ লগত জড়িত হৈ আছে । অসম জাতীয় পৰিষদ দলৰ নীতি আদৰ্শৰ লগত নিজৰ মতৰ মিল থকা বুলি কৈ ইক্ৰামে নিৰ্বাচনত জয়ী হ'লে অনাগত দিনত নিজৰ অঞ্চলটোৰ উন্নতিৰ হকে কাম কৰিব বুলি আশা প্ৰকাশ কৰে ।
আনহাতে কা' আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হোৱা অগপৰ জয়া কলিতায়ো নিৰ্বাচনত জয়ী হ'লে ৯ নং ৱাৰ্ডৰ সমস্যাসমূহ সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে । উল্লেখ্য যে ৰঙিয়া পৌৰসভাত সৰ্বমুঠ ১০ টা ৱাৰ্ড আছে, য'ত এইবাৰ ৩১ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ মনোনয়ন পত্ৰ দাখিল কৰিছে ।
লগতে পঢ়ক :Assam municipal election 2022: পৌৰসভা নিৰ্বাচনক লৈ তৎপৰ লখিমপুৰ জিলা বিজেপি