অসম

assam

অভি-নীল হত্যাকাণ্ডৰ দুটা বছৰ সম্পূৰ্ণঃ ন্যায় কেতিয়া?

By

Published : Jun 11, 2020, 10:29 AM IST

অভি-নীল হত্যাকাণ্ডৰ চাক্ষুক সাক্ষীৰ ভাষ্য সলনিকলৈ শংকিত অভি-নীলৰ পিতৃ । অভি-নীলৰ দুই পিতৃ ক্ৰমে অজিত নাথ আৰু গোপাল চন্দ্ৰ দাসৰ সন্দেহ, অভিযুক্ত সকলক দোষমুক্ত কৰিবলৈ তৎপৰ হৈ পৰিছে তৃতীয় পক্ষ।

Two years of Abhi-Neel mob lynching: justice to be served or not ?
অভি-নীল হত্যাকাণ্ডৰ দুটা বছৰ সম্পূৰ্ণঃ ন্যায় কেতিয়া?

গুৱাহাটী,11 জুন: দেশ কঁপাই যোৱা অভি-নীল হত্যাকাণ্ডৰ দুটা বছৰ সম্পূৰ্ণ হ'ল ৷ ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাত গণ প্ৰহাৰত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই যুৱক অভিজিত নাথ আৰু নিলোৎপাল দাসে ৷ কিন্তু আজিও ন্যায় প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'ল সমগ্ৰ দেশ কঁপাই যোৱা সেই গণ হত্যা ঘটনাৰ ৷ আনকি পৰৱৰ্তী সময়ত ভাষ্য সলনি হ'ল অভি-নীল হত্যাকাণ্ডৰ চাক্ষুক সাক্ষীৰ ৷ যাৰ বাবে এই ঘটনাৰ আঁৰৰ দোষীক তৃতীয় পক্ষই দোষমুক্ত কৰিবলৈ তৎপৰ হৈ পৰাৰ আশংকা কৰিছে দুই যুৱকৰ পৰিয়ালে ৷ এই আমানৱীয় হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাটো অতি দুখজনক বুলি ক্ষোভ প্ৰকাশ কৰিছে দুই দুৰ্ভগীয়া যুৱকৰ পিতৃয়ে ৷

অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত নিলোৎপাল দাসৰ পিতৃৰ মন্তব্য

উল্লেখ্য যে, কাৰ্বি আংলঙৰ ডকমকাৰ কাংথিলাংচো জলপ্ৰপাত ফুৰিবলৈ যোৱা গুৱাহাটীৰ দুই যুৱক অভিজিত নাথ আৰু নিলোৎপাল দাসক সোপাধৰাৰ সন্দেহত মৰিয়াই-মৰিয়াই হত্যা কৰিছিল একাংশ মানৱ ৰূপী দানৱে । অভি-নীলৰ এই নিৰ্মম হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা ছ'চিয়েল মিডিয়াত বিয়পি পৰাৰ পিছতে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাৰ লগতে এই ঘটনাৰ লগত জড়িত দোষী সকলক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন হৈছিল । উজনিৰ পৰা নামনিলৈকে অভি-নীলক ন্যায় প্ৰদানৰ বাবে ৰাজপথ কঁপাই তুলিছিল অসমবাসীয়ে । পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসনে এই গণপ্ৰহাৰৰ ঘটনাৰ তদন্তৰ গতিত ক্ষিপ্ৰতা প্ৰদান কৰি 47 জন লোকক গ্ৰেপ্তাৰ কৰি 800 পৃষ্ঠা জোৰা অভিযোগনামা ডিফু আদালতত দাখিল কৰিছিল । পিছত 2018 চনৰ 4 চেপ্টেম্বৰত এই গোচৰটো নগাঁও আদালতলৈ বদলি কৰা হয় ।

অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত অভিজিত নাথৰ পিতৃৰ মন্তব্য

অসমবাসী ৰাইজৰ লগতে অভি-নীলৰ পিতৃয়ে এই গোচৰটো ফাৰ্ষ্ট ট্ৰেক আদালতত চলাবলৈ দাবী জনোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ মঞ্জিত ভূঞাৰ ডিভিজনেল বেঞ্চয়ে গোচৰটোৰ বিচাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত চলাবলৈ নগাঁও আদালতৰ মুখ্য ন্যায়াধীশক আদেশ প্ৰদান কৰিছিল। বিগত ডেৰ বছৰ ধৰি অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াত 71 গৰাকী সাক্ষীৰ ভিতৰত 21 গৰাকী সাক্ষীৰ ভাষ্য গ্ৰহণ কৰা হৈছে আৰু 50 গৰাকী সাক্ষীৰ ভাষ্য গ্ৰহণ কৰিবলৈ এতিয়াও বাকী আছে । এই আমানৱীয় হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাটো অতি দুখজনক বুলি মন্তব্য কৰিছে অভি-নীলৰ পিতৃয়ে ৷ লগতে কেইবাগৰাকী চাক্ষুক সাক্ষীয়ে ভাষ্য সলনিক কৰাকলৈ শংকিত হৈ পৰিছে গণপ্ৰহাৰৰ বলি হোৱা যুৱক দুজনৰ দুই পিতৃ।

অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত সমাজকৰ্মী দিব্যজ্যোতি শইকীয়াৰ মন্তব্য

উল্লেখনীয় যে, অভি-নীলৰ হত্যাকাণ্ডৰ পিছত ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ ফলত এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহ'ব বুলি আশা কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ডা৹ দেবেন দত্ত, সনাতন ডেকা, দেৱশীষ গগৈ গণপ্ৰহাৰৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছে । ইয়াৰ একমাত্ৰ কাৰণ হৈছে লেহেমীয়া বিচাৰ প্ৰক্ৰিয়া । গণপ্ৰহাৰৰ নিচিনা অমানৱীয় ঘটনা ৰোধ কৰা আৰু এনে ঘটনাৰ লগত জড়িত ব্যক্তি সকলৰ কঠোৰ শাস্তি প্ৰদানৰ দাবীৰ দেশত এক এন্টি মব লিনচিং আইন প্ৰণয়ন কৰাটো অতিকৈ প্ৰয়োজন । এই মন্তব্য প্ৰকাশ কৰিছে যুৱক দুজনৰ দুই পিতৃয়ে ৷

অভি-নীল হত্যাকাণ্ডৰ দুটা বছৰ সম্পূৰ্ণঃ ন্যায় কেতিয়া?

আশাৰ খবৰ এইয়ে যে, এন্টি মব লিনচিং আইন প্ৰণয়নৰ বাবে এতিয়া সমাজকৰ্মী দিব্যজ্যোতি শইকীয়াৰ লগত যুঁজ চলাই যাব অভি-নীলৰ পিতৃয়ে । ইতিমধ্যে সমাজকর্মী দিব্যজ্যোতি শইকীয়াই দেশৰ বিভিন্ন প্ৰান্তৰ সমাজ কৰ্মী সকলৰ লগত এই সম্পৰ্কে আলোচনাত মিলিত হৈছে । দেশত এন্টি মব লিনচিং আইন প্ৰণয়নৰ যুঁজত উত্তৰ পূবক নেতৃত্ব প্ৰদান কৰিব অসম সন্তান সমাজকৰ্মী দিব্যজ্যোতি শইকীয়াই ৷

লগতে পঢ়কঃ অসম তৈল খাদ অগ্নিকাণ্ড : গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

ABOUT THE AUTHOR

...view details