অসম

assam

ETV Bharat / state

Maligaon Accident: নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ বন্ধ থাকিব মালিগাঁৱৰ পথ- মুখ্যমন্ত্ৰী - পাইপ ফুটি জলবিস্ফোৰণ

মালিগাঁও উৰণ সেঁতুত অঘটন ৷ উৰণ সেঁতুৰ প্ৰকাণ্ড লৌহৰ সামগ্ৰী সেঁতুৰ ওপৰৰ পৰা বাগৰি দুজন লোকৰ গাৰ ওপৰত পৰে। দুৰ্ঘটনাটোত লোক দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

Two workers injured at Maligaon
নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ বন্ধ থাকিব মালিগাঁৱৰ পথ

By

Published : Jun 13, 2023, 9:48 PM IST

নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ বন্ধ থাকিব মালিগাঁৱৰ পথ

গুৱাহাটী, 13 জুন: মহানগৰীত এতিয়া এটাৰ পিছত আনটো অঘটন সংঘটিত হ'বলৈ ধৰিছে। কম দিনৰ ভিতৰতে জাইকা প্ৰকল্পৰ খোৱাপানীৰ পাইপ ফুটি জলবিস্ফোৰণৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে মঙলবাৰে আকৌ গুৱাহাটীৰ মালিগাঁৱত নিৰ্মীয়মান উৰণ সেঁতুৰ কামত ব্যৱহৃত প্ৰকাণ্ড লৌহৰ সামগ্ৰী সেঁতুৰ ওপৰৰ পৰা বাগৰি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰে।

মালিগাঁৱত নিৰ্মীয়মান উৰণ সেঁতুৰ প্ৰকাণ্ড লৌহৰ সামগ্ৰী সেঁতুৰ ওপৰৰ পৰা বাগৰি দুজন লোকৰ গাৰ ওপৰত পৰে। দুৰ্ঘটনাটোত লোক দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোক দুজনক ততালিকে ওচৰৰ হাস্পতালত ভৰ্তি কৰা হৈছে। লগতে ক্ষতিগ্ৰস্ত হয় এখন বাহন।

চিকিৎসকে জনোৱা মতে লোক দুজনৰ অৱস্থা সংকটজনক। বৰ্তমান লোক দুজন চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে লোক দুজন সেঁতুখনৰ কামত কৰ্মৰত শ্ৰমিক আছিল।

ঘটনা সংঘটিত হোৱাৰ পিচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "মালিগাঁও উৰণয়া সেঁতুৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে ৷ আমি আগষ্টৰ শেষৰফালে এই উৰণীয়া সেঁতুখন উদ্বোধন কৰিব পাৰিম বুলি অনুমান কৰিছিলো ৷ সেইবাবে আমি এতিয়া নিশা পথ বন্ধ কৰি সেঁতুৰ কাম কৰাৰ কথা ভাবিছো ৷ নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈকে মালিগাঁও নিৰ্মীয়মান পথৰ এটা অংশ বন্ধ কৰি ৰখা হ’ব ৷ এনেদেৰে কাম পলম হৈ গৈ থাকিলে আগন্তুক সময়ত আৰু ডাঙৰ দুৰ্ঘটনাৰ ঘটনা সংঘটিতো হোৱাৰ আশংকা আছে ৷ সেইবাবে ডেৰ দুমাহ কষ্ট কৰি ইয়াৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব লাগে ৷"

উল্লেখ্য যে, 12 জুনত গুৱাহাটীৰ কমাৰ্চ আৰু ৰাজগড় সংযোগী পথত জাইকা প্ৰকল্পৰ খোৱাপানীৰ পাইপ ফুটি জলবিস্ফোৰণৰ দৰে সংঘটিত হোৱা ভয়ংকৰ ঘটনাটোৰ তীব্ৰতা মাৰ নৌযাওতেই আজি আকৌ গুৱাহাটীৰ মালিগাঁৱত নিৰ্মীয়মান উৰণ সেঁতুৰ প্ৰকাণ্ড লৌহৰ সামগ্ৰী সেতুৰ ওপৰৰ পৰা বাগৰি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰে।

লগতে পঢ়ক:Manipur Violence : মণিপুৰ শান্তি সমিতিত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ মেইটেই গোটৰ

ABOUT THE AUTHOR

...view details