গুৱাহাটী, 28 জুলাই :গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ক্ৰমাৎ বৃদ্ধি পাইছে শিশু চুৰিৰ ঘটনা । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত শেহতীয়াকৈ এটি শিশুৰ বিক্ৰীৰ ঘটনা পোহৰলৈ আহিছে । অভিযোগ মতে, ৫ হাজাৰ টকাত চলিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত শিশু বিক্ৰীৰ প্ৰক্ৰিয়া । বুধবাৰে সংঘটিত হয় এই ঘটনা ৷
ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত কৰ্তৃপক্ষৰ তৎপৰতাত এই ঘটনাৰ সৈতে জড়িত দুইগৰাকী মহিলা কৰায়ত্ত কৰিবলৈ সক্ষম হয় । ধৃত মহিলা দুগৰাকী প্ৰমিলা ডেকা আৰু বিজিতা দাস বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই সদৰী কৰে(Two women arrested from GMCH for child lifting) ৷
তেওঁ জনায় যে, ৰোগীৰ ৰখীয়া হিচাপে আহিছিল ধৃত মহিলা দুগৰাকী । ইয়াৰ পিছতে বিগত মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ প্ৰসূতি বিভাগত তেওঁলোকৰ কিছু কাৰ্যকলাপত হাস্পতালৰ নিৰাপত্তাৰক্ষীৰ সন্দেহ ওপজে ৷