মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী, ২ জুলাই: শান্তি ঘূৰি আহিবনে চিত্ৰাংগদাৰ দেশ মণিপুৰলৈ ? মণিপুৰৰ বিষ্ণুপুৰ জিলাত শনিবাৰে অচিনাক্ত বন্দুকধাৰীৰ সৈতে হোৱা গুলীচালনাত গাঁও সুৰক্ষা বাহিনীৰ দুজন স্বেচ্ছাসেৱক নিহত হোৱাৰ বাতৰি পোৱা গৈছে । শনিবাৰে নিশা জিলাখনৰ খোইজুমন্তবি গাঁৱত এই ঘটনা ঘটে বুলি মণিপুৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷ গাঁও সুৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱকসকলে অস্থায়ী বাংকাৰত পহৰা দি থকা অৱস্থাত এই ঘটনা সংঘটিত হয় ৷
আনহাতে অশান্ত মণিপুৰৰ অগ্নিগৰ্ভ সময়তে এক কিঞ্চিত আশাৰ বতৰা । এক অধিসূচনা যোগে দেওবাৰে ৰাজ্যখনৰ পশ্চিম ইম্ফল জিলাত ১৪৪ ধাৰাৰ অধীনত আৰোপ কৰা নিষেধাজ্ঞা সাময়িকভাৱে শিথিল কৰা হৈছে ৷ পশ্চিম ইম্ফল জিলাৰ সকলো অঞ্চলৰ বাবে আজি পুৱা ৫ বজাৰ পৰা বিয়লি ৬ বজালৈ সাধাৰণ জনতাৰ নিজৰ বাসগৃহৰ বাহিৰত চলাচলৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি শনিবাৰে অধিসূচনা জাৰি কৰা হয় ৷
ইফালে, মণিপুৰৰ পৰিস্থিতি প্ৰসংগত এইবাৰ মুখ খুলিলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ শনিবাৰে মণিপুৰৰ শেহতীয়া পৰিস্থিতিক লৈ ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰতিদিনে মণিপুৰত পৰিস্থিতি উন্নত হৈছে । মুখ্যমন্ত্ৰী ড° শৰ্মাৰ দাবী, অহা ৭-১০ দিনত মণিপুৰৰ পৰিস্থিতি উন্নত হ'ব । কেন্দ্ৰীয় গৃহ বিভাগ আৰু মণিপুৰ চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নীৰৱে নিজৰ চেষ্টা কৰি আছে ।
ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণক লক্ষ্য কৰিও কংগ্ৰেছক সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ কংগ্ৰেছে পৰিস্থিতি তুলনামূলকভাৱে উন্নত হোৱাৰ পাচতহে মণিপুৰলৈ আহি কান্দিছে বুলিও কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অৱশ্যে ১৪৪ ধাৰা শিথিল কৰা পশ্চিম ইম্ফল জিলাত বৰ্তমানলৈ কোনো ডাঙৰ হিংসাত্মক ঘটনাৰ বাতৰি এতিয়ালৈ অহা নাই ৷ উল্লেখযোগ্য যে যোৱা দুটা মাহত মণিপুৰৰ গোষ্ঠী সংঘৰ্ষত ১০০ৰো অধিক লোকৰ মৃত্যু ঘটিছে ।
লগতে পঢ়ক:Manipur CM resign controversy : ৰাইজৰ সমৰ্থন দেখিয়ে মুখ্যমন্ত্ৰীয়ে পদত্যাগ বাতিলৰ সিদ্ধান্ত লয়