গুৱাহাটী, 09 জুন :যোৰাবাটত দেওবাৰে পুৱতি নিশা যোৰাবাট আৰক্ষীয়ে মেঘালয়মুখী দুখন অবৈধভাৱে ইউৰিয়া সাৰ কঢ়িওৱা ট্ৰাক জব্দ কৰে ৷ এক গোপন সুত্ৰৰ ভিত্তিত আৰক্ষীয়ে ট্ৰাক দুখন জব্দ কৰে ৷
যোৰাবাটত দুখন ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক জব্দ - মেঘালয়
আৰক্ষীয়ে ট্ৰাক দুখনৰ চালক ইছমাইল হক আৰু ৰাছিদ খানক সোধপোছৰ বাবে আটক কৰে ৷ ট্ৰাক চালকদ্বয়ে গাড়ীত থকা সাৰৰ উপযুক্ত নথি পত্ৰ আৰক্ষীক দিবলৈ সক্ষম হোৱা নাছিল ৷
ৰঙিয়াৰ পৰা গুৱাহাটীৰ মইদান গাঁওস্থিত 'জি ওৱেৰ হাউছলৈ' দুখন ট্ৰাকত ইউৰিয়া সাৰ লৈ অনা হৈছিল ৷ AS-01-GC-8792 আৰু AS-19-C-8296 নম্বৰৰ ট্ৰাক দুখন ৰঙিয়াৰ পৰা সাৰ লৈ গুৱাহাটীৰ মইদান গাঁওস্থিত 'জি ওৱেৰ হাউছ'ত খালী কৰাৰ কথা আছিল ৷ কিন্তু ওৱেৰ হাউছ গুদামত সাৰখিনি নোথোৱাকৈ তেওঁলোকে সাৰখিনি মেঘালয় অভিমুখে লৈ যোৱাৰ সময়তে যোৰাবাট আৰক্ষীয় চকীৰ অন্তৰ্গত 8 মাইলৰ পৰা আৰক্ষীয়ে ট্ৰাক দুখন জব্দ কৰে ৷ লগতে আৰক্ষীয়ে ট্ৰাক দুখনৰ চালক ইছমাইল হক আৰু ৰাছিদ খানক সোধপোছৰ বাবে আটক কৰে ৷ ট্ৰাক চালকদ্বয়ে গাড়ীত থকা সাৰৰ উপযুক্ত নথি পত্ৰ আৰক্ষীক দিবলৈ সক্ষম হোৱা নাছিল ৷ ইতিমধ্যে যোৰাবাট আৰক্ষীয়ে এই সম্পৰ্কে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷