অসম

assam

নিয়োগ মেলাত বেমেজালি: মন্ত্ৰী চন্দ্ৰমোহনৰ নিৰ্দেশত নিলম্বিত দুই বিষয়া

By

Published : Dec 24, 2021, 6:54 PM IST

বৃহস্পতিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হয় নিয়োগ মেলা (Job Mela in Assam)। চৰকাৰে অনুষ্ঠিত কৰা নিয়োগ মেলাত সৃষ্টি হোৱা চৰম বিশৃংখল পৰিস্থিতিৰ পাছতে শুকুৰবাৰে নিয়োগ বিভাগৰ দুগৰাকীকৈ শীৰ্ষ বিষয়াক নিলম্বনৰ নিৰ্দেশ জাৰি কৰা হয় ।

Guwahati
নিয়োগ মেলাত বেমেজালি

গুৱাহাটী,২৪ ডিচেম্বৰ : ৰাজ্য চৰকাৰৰ সহযোগত বৃহস্পতিবাৰে অসমৰ বিভিন্ন জিলাত নিয়োগ মেলা অনুষ্ঠিত হয় (Job Mela in Assam)। শিক্ষিত নিবনুৱাসকলক অৰ্হতা অনুসৰি ব্যক্তিগত প্ৰতিষ্ঠানত সংস্থাপন দিয়াৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছিল এই পদক্ষেপ । কিন্তু ৰাজ্যৰ ভিন্ন প্ৰান্তত এই নিয়োগ মেলা একপ্ৰকাৰ প্ৰহসনত পৰিণত হোৱা দেখা গৈছিল । ঠায়ে ঠায়ে আবেদন জমা লোৱাৰ দায়িত্বত থকা কৰ্মচাৰীৰ চৰম দায়িত্বহীনতাৰ বাবে নিমিষতে চাৰখাৰ হৈ গ’ল নিৱনুৱাৰ সপোন ।

বিভাগীয় কৰ্তৃপক্ষই নিবনুৱা যুৱকসকলৰ বায়োডাটাসহ সম্পূৰ্ণ নথি-পত্ৰ মূল্যহীন ফটা কাগজৰ দৰে পেলাই দিয়া দেখা গ'ল ৷ ইয়াৰ পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰ তথা বিভাগীয় কতৃপক্ষৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে । চৰকাৰৰ বিৰুদ্ধে কোনো কোনো স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠনে ।

চন্দ্ৰমোহনৰ নিৰ্দেশত নিলম্বিত দুই বিষয়া

ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা নিয়োগ মেলাত সৃষ্টি হোৱা এনে চৰম বিশৃংখল পৰিস্থিতিৰ পাছতে শুকুৰবাৰে নিয়োগ বিভাগৰ দুগৰাকীকৈ শীৰ্ষ বিষয়াক নিলম্বনৰ নিৰ্দেশ জাৰি কৰা হয় (Two top officials of DEE suspended) ।

বৃহস্পতিবাৰে কেইবাখনো জিলাত অনুষ্ঠিত হোৱা নিয়োগ মেলাত হোৱা ব্যাপক বেমেজালিৰ বিষয়ে সংবাদ মাধ্যমত সদৰী হোৱাৰ পাছতে নিয়োগ আৰু দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিয়োগ বিভাগৰ যুটীয়া সঞ্চালক টি ডুংগেল আৰু বিভাগটোৰ সহকাৰী সঞ্চালক লিপিকা দত্তক নিলম্বনৰ নিৰ্দেশ দিয়ে । সেই অনুসৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দুয়োগৰাকী বিষয়াক নিলম্বন কৰিছে চৰকাৰে ।

লগতে পঢ়ক :বৰপেটাত নিয়োগ মেলাৰ নামত ৰাজ্য চৰকাৰৰ ভেকোঁভাওনা

ABOUT THE AUTHOR

...view details