গুৱাহাটী,10 মাৰ্চ:সমৰ্থন বা বিৰোধিতা কৰাটো নিজা কথা হ'লেও অসমৰ ৰাজনীতিত প্ৰফুল্ল কুমাৰ মহন্তক যেন কোনেও অস্বীকাৰ কৰিব নোৱাৰে ৷ অন্ততঃ আজিৰে পৰা দুটা দিনৰ আগলৈকে এয়াই আছিল সত্য ৷ কিন্তু এতিয়া সেই ধাৰণা অতীত । মঙলবাৰে প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী ড৹ জয়শ্ৰী গোস্বামী মহন্তই তেওঁৰ স্বামী তথা অসমৰ দুটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, চাৰিটা কাৰ্যকালৰ বিৰোধী দলপতি তথা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই বঢ়মপুৰ বা আন কোনো সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগনবঢ়াই বুলি কৰা মন্তব্যই সমগ্ৰ পৰিস্থিতিকে সলনি কৰিছে ৷
1952 চনৰ 23 ডিচেম্বৰত নগাঁৱত জন্মগ্ৰহণ কৰা প্ৰফুল্ল কুমাৰ মহন্তই ছবছৰীয়া অসম আন্দোলনক নেতৃত্ব দি অসমবাসীৰ বাবে এক সংকটৰ মুহুৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল ৷ তেওঁঁ আছিল দেশৰ সৰ্ব কনিষ্ঠ মুখ্যমন্ত্ৰী ৷ তাৰ পাছতে বহু সংঘাতৰ মাজেৰে আগবাঢ়ি আহিছিল মহন্তৰ ৰাজনৈতিক জীৱন ৷ তেওঁৰ প্ৰথমটো কাৰ্যকালতে ৰাজ্যত বিদ্ৰোহী সংগঠন আলফাৰ সাংগঠনিক তৎপৰতা বৃদ্ধি পাইছিল ৷ 1989 চনত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত আৰম্ভ হয় অপাৰেশ্যন বজৰং আৰু অপাৰেশ্যন ৰাইন’ । সেয়াই যেন আছিল আৰম্ভণি । আলফাৰ দিনত আৰম্ভ হ'ল হত্যা-হিংসাৰ ৰাজনীতি । 1991 চনৰ নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পাছত 1996 চনত মহন্তই পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় যদিও চৰকাৰ গঠন কৰাৰ পাছতেই পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰে ৷
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিছ মুহুৰ্ততে এক লোমহৰ্ষক হত্যাৰ বলি হৈছিল নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাস ৷ তাৰ পাছত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত গুপ্তহত্যাৰ বিভীষিকা আৰম্ভ হয় ৷ আলফা নেতাৰ পৰিয়ালৰ ওপৰত চলা নৃশংস হত্যা লীলাৰ মাজতে গৃহ মন্ত্ৰীৰো দায়িত্বত থকা প্ৰফুল্ল কুমাৰ মহন্ত নিজেই গুপ্তহত্যাৰ অভিযোগত অভিযুক্ত হৈ পৰে । ফলত 2001 চনৰ নিৰ্বাচনত পুনৰ পৰাজয়ৰ সন্মুখীন হয় অগপ ৷