গুৱাহাটী,১৮ মে' :অভিজাত গুৱাহাটী মহানগৰীত চোৰৰ উপদ্ৰৱ পুনৰ বৃদ্ধি পাইছে (Incidents of looting in Guwahati city increase)। মহানগৰীৰ ভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনে চোৰে চলাইছে লুট-পাত । শেহতীয়াকৈ সাতগাঁও অঞ্চলত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে । চোৰৰ অতপালি ৰোধ কৰাত ব্যৰ্থ স্মাৰ্ট মহানগৰ আৰক্ষী ।
অৱশ্যে এইবাৰ সাতগাঁও আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে (Satgaon police raid against thief)। এক পুৰণি চুৰিকাণ্ড সন্দৰ্ভত অভিযান চলায় আৰক্ষীয়ে দুটাকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হৈছে (Satgao police arrested two thieves)।সোমবাৰে নিশা অভিযান চলাই সাতগাঁও নোৱাপাৰাৰ পৰা চুৰি সামগ্ৰীসহ চোৰ দুটাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত চোৰ দুটা দৰং জিলাৰ দলগাঁৱৰ নুৰ আলী আৰু নগাঁৱৰ ধিঙৰ ৰিয়াদুল ইছলাম বুলি জানিব পৰা গৈছে ।