গুৱাহাটী, 18 মে': জাহ্নৱী শইকীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত , গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত শুকুৰবাৰে নগাঁও আৰক্ষীয়ে ইন্দ্ৰমোহন বৰা আৰু চিন্ময় লস্কৰ নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল ৷ শনিবাৰে আটকাধীন অভিযুক্তদ্বয়ক কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ব ৷
আদালতত হাজিৰ কৰোৱা হ'ব গ্ৰেনেড বিস্ফোৰণত জড়িত যুৱকদ্বয়ক - ন্যায়িক দণ্ডাধীকৰ আদালত
জাহ্নৱী শইকীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত , নগাঁও আৰক্ষীয়ে ইন্দ্ৰমোহন বৰা আৰু চিন্ময় লস্কৰক গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছিল ৷
চিন্ময় লস্কৰ
ইতিমধ্যে, গ্ৰেপ্তাৰ হোৱা যুৱকদ্বয়ক গুৱাহাটীৰ লতাশিল আৰক্ষী থানালৈ অনা হৈছে ৷ বৰ্তমান লতাশিল থানাত অসম আৰক্ষীৰ শীর্ষ বিষয়াই দুয়োগৰাকী অভিযুক্তকে সোধা-পোছা অব্যাহত ৰাখিছে ৷ লগতে অমৃত বল্লৱ গোস্বামীকো জেৰা অব্যহত ৰাখিছে লতাশিল আৰক্ষীয়ে ।