গুৱাহাটী, 26 জুলাই : এইবাৰ লুট-পাটত নামিল স্বয়ং আৰক্ষী বিষয়া ৷ মিজোৰামৰ এগৰাকী মহিলাৰ পৰা ২০ লাখ টকা লৈ উধাও হোৱা হাতীগাঁও থানাৰ দুই উপ-পৰিদৰ্শক(SI) ক্ৰমে জন পাথৰি আৰু প্ৰাঞ্জল বৰা আৰু গৃহৰক্ষী জোৱান বিপুল হাজৰিকা আৰক্ষী জালত ৷ মিজোৰামৰ মহিলাগৰাকীয়ে দিছপুৰ আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত নিশা দিছপুৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে উপ পৰিদৰ্শক(SI) জন পাথৰি, প্ৰাঞ্জল বৰা গৃহৰক্ষী জোৱান বিপুল হাজৰিকা আৰু ঘটনাটোৰ মূল অভিযুক্ত প্ৰকাশ সোনাৰক ৷
বেজৰ নাকতেই খৰ ! লুট-পাটত স্বয়ং আৰক্ষী - assam
ডকাইতৰূপী আৰক্ষী ৷ খোদ আৰক্ষীৰ জালত আৰক্ষী বিষয়া ৷
![বেজৰ নাকতেই খৰ ! লুট-পাটত স্বয়ং আৰক্ষী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3951350-thumbnail-3x2-hknklm.jpg)
লুট-পাতত স্বয়ং আৰক্ষী
লুট-পাতত স্বয়ং আৰক্ষী
লগতে এই ঘটনাত ব্যৱহৃত ইন'ভা AS 06 R 0332 নম্বৰৰ এখন গাড়ী আৰু নগদ ২০ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় লোককেইজনৰ পৰা । ইপিনে ঘটনাৰে জড়িত চাৰি অভিযুক্তক জেৰা অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে ৷
Last Updated : Jul 26, 2019, 2:34 PM IST