গুৱাহাটী, ১৮ এপ্ৰিল : শান্তিচুক্তি স্বাক্ষৰ কৰিবলৈ আহি বৰ্তমান ভাৰত চৰকাৰৰ জিম্মাত থকা জীৱন সিংহৰ নেতৃত্বাধীন কে এল অ’ত আৰম্ভ হৈছে এক উলম্ব বিভাজন (division in KLO) ৷ জীৱন সিংহই দলবিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত কে এল অ’ৰ পৰা বহিষ্কাৰ কৰিছে দুজনকৈ জ্যেষ্ঠ নেতাক ৷ আনহাতে, জীৱন সিংহক ৰ’ৰ এজেণ্ট আখ্যা দিছে কে এল অ’ৰ আন একাংশ জ্যেষ্ঠ নেতাই (KLO Chief Jiban Singha) ৷ শেহতীয়াভাৱে কে এল অ’ৰ জ্যেষ্ঠ নেতা বিশ্বজিৎ কোচ আৰু জয় প্ৰকাশ বৰ্মনক সংগঠনটোৰ পৰা বহিষ্কাৰ কৰা হয় (two leaders expelled from KLO) ।
এই বহিষ্কাৰৰ কথা জনাই সংবাদ মাধ্যমলৈ পত্ৰ প্ৰেৰণ কৰিছে কে এল অ' প্ৰধান জীৱন সিংহই (conflict amongst KLO leasers) । বিবৃতিযোগে জীৱন সিংহই জনাইছে যে নীতিবৰ্হিভূত কাম কৰাৰ বাবেই এই বহিষ্কাৰৰ সিদ্ধান্ত লোৱা হৈছে ৷ উল্লেখ্য যে শেহতীয়াকৈ শান্তি আলোচনাৰ বাবে জীৱন সিংহৰ নেতৃত্বত কে এল অ'ৰ ১৮ জনীয়া দল এটা ম্যানমাৰৰ পৰা ওলাই আহিছিল ৷ যিটো প্ৰসংগই সমগ্ৰ অসমৰ লগতে পশ্চিমবংগত তোলপাৰ লগাইছিল ৷ চৰকাৰৰ পৃষ্ঠপোষকতাত মান্দাকাটাৰ অসম কামাণ্ডৰ শিবিৰত আশ্ৰয় লৈ আছে দলটোৱে ৷