অসম

assam

ETV Bharat / state

মহানগৰীত দিন দুপৰতে দুটাকৈ ধন লুটৰ ঘটনা

জি এছ ৰোডত বাইকত অহা দুজনীয়া দুৰ্বৃত্তই এজন ব্যক্তিৰ পৰা কাঢ়ি লৈ যায় ৪ লাখ টকা । ফটাশিলত দিন-দুপৰতে এখন ক’লা ৰঙৰ পালচাৰত অহা দুজন দুৰ্বৃত্তই লুটি নিলে নগদ ৩৫ লাখ টকা । এখন ইন’ভা গাড়ীৰ ভিতৰত এটা বেগত আছিল টকাখিনি ।

robberies
মহানগৰীত দিন দুপৰতে দুটাকৈ ধন লুটৰ ঘটনা

By

Published : Jun 25, 2021, 10:53 PM IST

গুৱাহাটী,২৫ জুন :আৰক্ষী তথা নিৰাপত্তা বাহিনীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীত শুকুৰবাৰে দিন দুপৰতে দুটাকৈ ধন লুটৰ(Money robbery) ঘটনা সংঘটিত হয় । প্ৰথমটো ঘটনা সংঘটিত হয় গুৱাহাটীৰ অতি ব্যস্ত জি এছ ৰোডত । বাইকত অহা দুজনীয়া দুৰ্বৃত্তই এজন ব্যক্তিৰ পৰা কাঢ়ি লৈ যায় ৪ লাখ টকা ।

মহানগৰী খ্ৰীষ্টানবস্তিৰ এক্সিছ (axis) বেংকৰ পৰা টকা উলিয়াই নিজৰ কাৰ্যায়ললৈ আহিছিল ব্যক্তি জন । দ্য কুমাৰ এণ্ড চেলছ (The Kumar and sales) নামৰ প্ৰতিষ্ঠানটোত কৰ্মৰত দীনেশ সিং নামৰ ব্যক্তিজনে টকাখিনি বেংকৰ পৰা আনি কাৰ্যালয়ৰ সন্মুখত উপস্থিত হওঁতেই বাইকত অহা দুজন যুৱকে টানি নিয়ে টকা থকা বেগটো । কোম্পানীৰ টকা আনিবলৈ দিয়া হৈছিল দীনেশ সিঙক । মূহুৰ্তৰ ভিতৰতে টকাৰ বেগটো থপিয়াই নিয়াত দীনেশ সিঙে চিঞৰ-বাখৰ কৰে যদিও বেগটো লৈ উধাও হয় বাইকত অহা দুই দুৰ্বৃত্ত ।

অৱশেষত ভঙাগড় আৰক্ষীৰ কাষ চাপে দীনেশ সিং ৷ ইতিমধ্যে আৰক্ষীয়ে চি চি টিভিৰ ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে যদিও কোনো শুংসূত্র উলিয়াব পৰা নাই । উল্লেখ যে এবছৰ পূৰ্বেও এই বেংকটোৰ ভিতৰৰ পৰাই দুৰ্বৃত্তই কাঢ়ি নিছিল ৪ লাখ ৪৪ হাজাৰ টকা ৷ দুৰ্ভাগ্যৰ বিষয় সেই চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰে জড়িত এজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল আৰক্ষী ।

মহানগৰীত দিন দুপৰতে দুটাকৈ ধন লুটৰ ঘটনা

ইফালে ধন লুটৰ আনটো ঘটনা সংঘটিত হয় মহানগৰীৰ ফটাশিলত । দিন-দুপৰতে এখন ক’লা ৰঙৰ পালচাৰত অহা দুজন দুৰ্বৃত্তই লুটি নিলে নগদ ৩৫ লাখ টকা । এখন ইন’ভা গাড়ীৰ ভিতৰত এটা বেগত আছিল টকাখিনি । ইন’ভা গাড়ীখনৰ নম্বৰ AS ০১ DU ০০০৩ ।

ফটাশিলৰ এইচ ডি এফ চি (HDFC) বেংকৰ সন্মুখৰ পৰাই লুটি নিলে ধনখিনি । জানিব পৰা মতে ব্যৱসায়ী ভবেন্দ্ৰ পাল সিঙৰ আছিল টকাখিনি । পাণবজাৰৰ ষ্টেট বেংক অব ইণ্ডিয়া(State Bank of India) আৰু বৰোডা বেংকৰ(Bank of Baroda) পৰা টকাখিনি উলিয়াই অনা হৈছিল । টকাখিনি উলিয়াই আনিছিল তেখেতৰ ড্ৰাইভাৰ আৰু এজন কৰ্মচাৰীয়ে ।

গাড়ীখনত ৪০ লাখ টকা আছিল বুলি ভবেন্দ্ৰ পাল সিঙে জানিবলৈ দিয়ে । ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । দিন দুপৰতে সংঘটিত হোৱা ধন লুটৰ ঘটনাক লৈ মহানগৰীত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । গুৱাহাটীৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে ।

লগতে পঢ়ক:দুদিনৰ বাবে মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ

ABOUT THE AUTHOR

...view details