অসম

assam

ETV Bharat / state

Padma Awards 2022: অসমৰ দুগৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী সন্মান - শকুন্তলা চৌধুৰীলৈ পদ্মশ্ৰী

দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ অন্যতম পদ্মশ্ৰী বঁটা লাভ কৰিলে অসমৰ দুগৰাকী স্বনামধণ্যই ৷ সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে শকুন্তলা চৌধুৰী (Shakuntala Choudhary), সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ধনেশ্বৰ ইংতি (Dhaneswar Engti)লৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয় ।

Padma Awards 2022
অসমৰ দুগৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

By

Published : Jan 25, 2022, 10:00 PM IST

গুৱাহাটী, ২৫ জানুৱাৰী: গণৰাজ্য দিৱসৰ প্ৰাকঃমূহুৰ্তত ঘোষণা কৰা হ’ল দেশৰ সৰ্বোচ্চ অসামৰিক পদ্ম সন্মান । ‌গণৰাজ্য দিৱসৰ প্ৰাক্ মূহুৰ্তত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰিলে দেশৰ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰাপক সকলৰ নামৰ তালিকা ৷ দেশৰ চাৰিগৰাকী লোকক এইবাৰ পদ্মবিভূষণ সন্মানেৰে সম্মানিত কৰা হৈছে ।

অসমৰ দুগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান । মঙলবাৰে সন্ধিয়া দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰ লগতে পদ্মভূষণ আৰু পদ্মশ্ৰী সন্ম‍ান প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে ।

সেই অনুসৰি সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে শকুন্তলা চৌধুৰীলৈ (Padma Shri to Shakuntala Choudhary) আৰু সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ধনেশ্বৰ ইংতিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে (Padma Shri to Dhaneswar Engti)।

উল্লেখ্য যে, দেশৰ প্ৰথম গৰাকী সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱাটক অসামৰিক সেৱা খণ্ডত মৰণোত্তৰভাৱে পদ্ম বিভূষণ প্ৰদান কৰা হ'ব । ইয়াৰ উপৰিও, ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল কল্যাণ সিঙকো পদ্মবিভূষণ প্ৰদান কৰা হৈছে । ৰাজহুৱা পৰিক্ৰমাৰ শাখাত পদ্ম বিভূষণ বঁটা প্ৰাপক কল্যাণ সিং আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ।

ইয়াৰোপৰি জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদক প্ৰদান কৰা হ'ব পদ্মভূষণ বঁটা । প্ৰবীণ কংগ্ৰেছ নেতা গুলাম নবী আজাদক ৰাজহুৱা পৰিক্ৰমাৰ শাখাত প্ৰদান কৰা হৈছে পদ্মভূষণ ।

লগতে পঢ়ক:Assam Gaurav Hemaprabha Chutia: অসম গৌৰৱ হেমপ্ৰভা চুতীয়াক মৰাণত উষ্ম আদৰণি

ABOUT THE AUTHOR

...view details