অসম

assam

By

Published : Oct 18, 2022, 10:14 PM IST

ETV Bharat / state

GU PGSU Election : গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত আদালতৰ হস্তক্ষেপ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ দুটা পদৰ নিৰ্বাচনত আদালতৰ স্থগিতাদেশ ৷ বিভাগ দুটাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ শ্ৰেণীৰ উপস্থিতি প্ৰয়োজনতকৈ কম হোৱাৰ পাছতো প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ উত্থাপিত হৈছিল অভিযোগ (Gauhati University election)৷

GU PGSU Election
গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত আদালতৰ হস্তক্ষেপ

গুৱাহাটী, 18 অক্টোবৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ(Gauhati University election) প্ৰাক মূহুৰ্তত এক অচলাৱস্থাৰ সৃষ্টি হৈছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত হঠাৎ কামৰূপ মহানগৰ দেৱানী আদালতে দিয়া নিৰ্দেশৰ ভিত্তিত সৃষ্টি হৈছে এই অচলাৱস্থাৰ ।

কামৰূপ মহানগৰ দেৱানী আদালতত ৰুজু হোৱা ৫০৪ নম্বৰ এক গোচৰৰ ভিত্তিত কামৰূপ মহানগৰ দেৱানী আদালতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনকলৈ এক নিৰ্দেশনা জাৰি কৰিছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কৃষানু ফুকনে এই গোচৰটো তৰিছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদৰ নিৰ্বাচনত কামৰূপ মহানগৰ দেৱানী আদালতে(Kamrup Munsiff court) মঙলবাৰে স্থগিতাদেশ জাৰি কৰিছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত আদালতৰ হস্তক্ষেপ

কামৰূপ মহানগৰ দেৱানী আদালতত ৰুজু হোৱা ৫০৪ নম্বৰ এক গোচৰৰ ভিত্তিত কামৰূপ মহানগৰ দেৱানী আদালতে দিয়া ৰায় মতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদৰ দুয়োটা পদতে অৱতীৰ্ণ প্ৰাৰ্থী দুগৰাকীৰ শ্ৰেনীত ৭৫% তকৈ উপস্থিতি কম আছিল ।

নিয়ম অনুসৰি শ্ৰেণী কোঠাত ৭৫% উপস্থিত নাথাকিলে নিৰ্বাচনত অৱৰ্তীণ হ'ব নোৱাৰে । যাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদৰ নিৰ্বাচনত কামৰূপ মহানগৰ দেৱানী আদালতে মঙলবাৰে স্থগিতাদেশ জাৰি কৰিছে ।

আদালতৰ নিৰ্দেশৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ৰিৰ্টানিং বিষয়া জগদীশ শৰ্মাই অহা 19 অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত বৰ্তমান সাংস্কৃতিক বিভাগৰ সম্পাদক আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদ দুটাত নিৰ্বাচন অনুষ্ঠিত নহয় বুলি জাননী জাৰি কৰিছে ।

উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন অহা ১৯ অক্টোবৰত অনুষ্ঠিত হোৱাৰ দিন নিদ্ধাৰণ কৰা হৈছিল । সেই মতে ১৯ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল । এতিয়া ১০ পদৰ বাবে ১৯ অক্টোবৰত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । মনকৰিবলীয়া যে আদালতে স্থগিতাদেশ জাৰি কৰা সাংস্কৃতিক বিভাগৰ সম্পাদক পদত অভিনাশ শইকীয়া আৰু প্ৰাচুৰ্য হাজৰিকা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ।

অভিনাশ শইকীয়াৰ শ্ৰেণীত ৭৫% তকৈ উপস্থিতি কম আছিল । আনহাতে বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত জয়ী হোৱা ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত ধীৰাজ কলিতাই অৱতীৰ্ণ হৈছিল । আদালতৰ স্থগিতাদেশৰ পিছত এতিয়া বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত জয়ী হোৱা ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত স্থগিতাদেশ বাহাল ৰখা হৈছে ।

উল্লেখ্য যে, এইবেলি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ সভাপতি পদত অৰ্ণব বৰ্মণ আৰু কাশ্যপ কল্যাণ গগৈ, উপ-সভাপতি পদত অসীম ভূঞা আৰু নিৰঞ্জন বৰা, সাধাৰণ সম্পাদক পদত মুনিফ ইকবাল আৰু পুণ্যব্ৰত দত্ত, সহকাৰী সাধাৰণ সম্পাদক পদত দলবীৰ সিং, কস্তুৰী শিৱম আৰু মৃগাংক কৃষ্ণ শইকীয়া, সাহিত্য বিভাগৰ সম্পাদক পদত শতাব্দী বৰা আৰু সৌৰভ দেউৰী, সংগীত বিভাগৰ সম্পাদক পদত কস্তুৰী শৰ্মা আৰু সাধনা দেৱী শৰ্মা,

তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ সম্পাদক পদত আৰিফা মেহেনাজ আৰু দুৱৰী কাশ্যপ, লঘু ক্ৰীড়া বিভাগৰ সম্পাদক পদত বিলিপাং দৈমাৰী আৰু মঞ্জিল শইকীয়া, ছাত্ৰী জিৰণি কোঠা সম্পাদিকা পদত দেৱজানী পাল, মৌচুমী ওজা আৰু তৃষ্ণানীলা ডেকা তথা সমাজসেৱা বিভাগৰ সম্পাদক পদত ফজাইল আহমেদ লস্কৰ আৰু নেহা কটকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে (GU election candidate list)।

ইপিনে গুৰু ক্ৰীড়া বিভাগত বিশ্বজিৎ দৈমাৰী, খেল সম্পাদক পদত হাবেল বড়ো আৰু শৰীৰ চৰ্চা বিভাগৰ সম্পাদক পদত প্ৰভু বড়ো বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে (GU PGSU Election)।

লগতে পঢ়ক:Janardan Dev Goswami Controversy: সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্নজন

ABOUT THE AUTHOR

...view details