গুৱাহাটী, 2 জুলাই : গুৱাহাটীৰ মালিগাঁওস্থিত ৰে'লৱে কেন্দ্ৰীয় হাস্পতালৰ দুগৰাকীকৈ নাৰ্চৰ দেহত ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি । সেই হেতুকে, সাধাৰণ ৰোগীৰ বাবেও বন্ধ কৰি ৰখা হৈছে হাস্পতালখন । হাস্পতালখন ছেনিটাইজ কৰি বীজাণুমুক্ত কৰাৰ ব্যৱস্থা কৰিছে ৰে'ল বিভাগে । অতি জৰুৰীকালীন ৰোগীৰ বাহিৰে আন সাধাৰণ ৰোগীৰ বাবে চিকিৎসা বন্ধ কৰি দিয়া বুলি জানিব পৰা গৈছে ।
ইফালে শীঘ্ৰেই মালিগাঁও ৰে'লৱে কেন্দ্ৰীয় হাস্পতালখন কোভিড হাস্পতাললৈ ৰূপান্তৰিত হ'ব । মুঠ ১২০ খন বিচনা কোভিড-19ত আক্ৰান্ত ৰোগীৰ বাবে সাজু কৰি ৰাখিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে । ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাস্পতালখন কোভিড হাস্পতালৰূপে ব্যৱহাৰ কৰাৰ কথা ঘোষণা কৰিছে। অৱশ্যে এতিয়ালৈ ৰে'ল বিভাগক ৰাজ্য চৰকাৰে লিখিতভাৱে এই কথা জনোৱা নাই । তথাপি সম্পূৰ্ণ সাজু হৈ আছে ৰে'ল বিভাগ । ইটিভি ভাৰতক এই কথা সদৰী কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ।