অসম

assam

ETV Bharat / state

Assamese Video Song: অসমীয়া আধুনিক গীত জীৱন গাথা আৰু জুৰিটিৰ ধুনীয়া লহৰৰ শুভ উন্মোচন - জুৰিটিৰ ধুনীয়া লহৰ

অসমীয়া আধুনিক গীত ‘জীৱন গাথা’ আৰু ‘জুৰিটিৰ ধুনীয়া লহৰ’ৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ মুকলি । দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মুকলি কৰা হয় গীত দুটিৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ ।

Assamese Video Song
জীৱন গাথা আৰু জুৰিটিৰ ধুনীয়া লহৰৰ শুভ উন্মোচন

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 10:52 PM IST

গুৱাহাটী, 15 অক্টোবৰ: দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰা হয় দুটা অসমীয়া আধুনিক গীত ‘জীৱন গাথা’ আৰু ‘জুৰিটিৰ ধুনীয়া লহৰ’ৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ । পি কে ডি প্ৰডাকচনৰ দ্বাৰা নিবেদিত এই গীত দুটা উন্মোচন কৰে বিশিষ্ট সংগীতজ্ঞ আৰু কণ্ঠশিল্পী ক্ৰমে ৰমেন চৌধুৰী, জে পি দাস, দ্বীপেন বৰুৱা, সমৰ হাজৰিকা, অনুপম চৌধুৰী, অতুল মেধি আৰু বিপুল বৰুৱাই৷

আধুনিক অসমীয়া সংগীতৰ বিশিষ্ট সুৰকাৰ, সংগীতকাৰ তথা গায়ক জে পি দাস আৰু প্ৰতিভাশালী শিল্পী কৃপাময় দাসৰ কণ্ঠত হিয়া জুৰ পেলোৱা নতুন উপস্থাপনা শৈলীৰ আবেদনময়ী ‘জীৱন গাথা’ গীতটি কথা আছিল বিশিষ্ট শিল্পী প্ৰয়াত অপূৰ্ব বেজবৰুৱাই ৷ আনহাতে জে পি দাসে সুৰ কৰা গীতটোৰ সংগীত তথা ভিডিঅ’ পৰিচালনা কৰিছে অভিজিৎ বৰ্মনে ৷

‘জীৱন গাথা’ গীতটিৰ সহঃ কণ্ঠশিল্পী হিচাবে জড়িত হৈ আছে নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাসম্পন্ন শিল্পী অংশুমান বৰা ৷ আনহাতে ‘জুৰিটিৰ ধুনীয়া লহৰ’ত কণ্ঠ নিগৰাইছে ডাঃ প্ৰেৰণা দাসে ৷ গীতটোৰ কথা, সুৰ আৰু সংগীত দিগন্ত ভাৰতীৰ । অভিজিৎ বৰ্মনৰ দ্বাৰা পৰিচালিত ভিডিঅ’টোত অভিনয় কৰিছে ডাঃ প্ৰেৰণা দাস, অংশুমান বৰা, পিংকী হীৰা আৰু অৰূপ দাসে৷ গীতটিৰ কৰিঅ’গ্ৰাফী বাবুচা বিজয় দাসৰ ৷

উক্ত অনুষ্ঠানটোতে আই আই টি গুৱাহাটীৰ অধ্যাপক শচীন্দ্ৰ কুমাৰ কাকতি, দিগন্ত ভাৰতী, অভিজিৎ বৰ্মন, মীৰা দাস চহৰীয়া, হীৰা দাস, মিনতি চৌধুৰীকে ধৰি বিশিষ্ট ব্যক্তিসকলক সম্বদ্ধৰ্না জনোৱা হয় ৷ অসমীয়া আধুনিক সংগীতৰ সোঁতৰ বিপৰীতে নিভাঁজ আৰু মিঠা গীত দুটাই দুটা পৃথক পৰিৱেশ অংকন কৰিবলৈ সক্ষম হ'ব বুলি আশাবাদী পি কে ডি প্ৰডাকচনৰ লগতে কণ্ঠশিল্পীসকল ।

লগতে পঢ়ক:Assamese film Raghav: তিনিচুকীয়াত টীম ৰাঘৱৰ প্ৰচাৰ অভিযান, ছবিখন কি নতুনত্ব যতীন বৰাৰ ৰাঘৱত

ABOUT THE AUTHOR

...view details