গুৱাহাটী, 19 আগষ্ট : ইন্দ্ৰাণী তবহিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ পিছতে ন ন তথ্য উদঘাটন হৈছে ৷ গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন বিজেপি কৰ্মী ৷ শুকুৰবাৰে দ্বীবন ডেকা গ্ৰেপ্তাৰ হোৱাৰ পিছতে শনিবাৰে পুনৰ দুজন বিজেপি কৰ্মী গ্ৰেপ্তাৰ হৈছে ৷ শনিবাৰে গ্ৰেপ্তাৰ হৈছে ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তী ৷
গ্ৰেপ্তাৰৰ পিছতে চান্দমাৰী আৰক্ষী থানাৰ পৰা পোনে পোনে আদালতত লৈ যোৱা হয় দ্বীবন ডেকাৰ লগতে ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তীক ৷ CJM আদালতত হাজিৰ কৰোৱাৰ পিছতে আদালতে 7 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে তিনিওকে ৷ শুকুৰবাৰে চান্দমাৰী আৰক্ষীৰ দিনজোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল দ্বীবন ডেকাক ৷ ইফালে সমগ্ৰ ঘটনাৰে নাম সাঙোৰ খাইছে বিজেপি কৰ্মী ৰিয়া দাসৰ ৷ ৰিয়া দাসকো জেৰা কৰা হৈছে ৷ যি কোনো মুহুৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে ৰিয়া ৷
অসীম চক্ৰৱৰ্তী আৰু দ্বীবন ডেকাৰ টিমে মিলি PNRD আৰু স্বাস্থ্য বিভাগত নিযুক্তি দিয়াৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকা ৷ অসীমে ৰেখান্ত দাসক লৈ আহিছিল অনুৰাগৰ ওচৰলৈ ৷ ইন্দ্ৰাণী ভাইৰেল কাণ্ডৰ মূল অভিযুক্ত অনুৰাগ চলিহাৰ কাৰ্যালয় পৰিৱৰ্তিত হৈছিল দালালীৰ বজাৰলৈ ৷ নিজ কাৰ্যালয়ত অনুৰাগে ভাৰত মাতা, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ ফটো লগাই ৰাজনৈতিক প্ৰভাৱ দেখুৱাই বিভিন্ন লোকৰ পৰা লুটিছিল কোটি কোটি টকা ৷ বিভিন্ন চাকৰি, ৱাইন শ্বপৰ লাইচেঞ্চ আৰু ঠিকাৰ নামত ৰাজনৈতিক প্ৰভাৱৰ অপব্যৱহাৰ কৰি লুণ্ঠন কৰিছিল একাংশ নিবনুৱাক ৷