অসম

assam

ETV Bharat / state

দুমাহ পাছতে ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰঃ গৌৰৱ গগৈ

কংগ্ৰেছৰ মনোভাৱ সমস্যাৰ সমাধান কৰা আৰু বিজেপিৰ মনোভাৱ সমস্যাৰ সৃষ্টি কৰা । অসমৰ ৰাইজে এক নতুন মনোভাৱৰ চৰকাৰ পাব এই ভাষ্য সাংসদ গৌৰৱ গগৈৰ ৷

By

Published : Mar 4, 2021, 9:15 PM IST

দুমাহ পাছতে ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰঃ গৌৰৱ গগৈ
দুমাহ পাছতে ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰঃ গৌৰৱ গগৈ

গুৱাহাটী, ৪ মাৰ্চঃ দুমাহ পাছত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'বলৈ গৈ আছে । এই দাবী সাংসদ তথা কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ কমিটীৰ অধ্যক্ষ গৌৰৱ গগৈৰ । বৃহস্পতিবাৰে ৰাজীৱ ভৱনত বিজেপি চৰকাৰক সমালোচনা কৰি সাংসদ গগৈয়ে কয় যে ' বিজেপি চৰকাৰে ৫ বছৰত ১ লাখ চাকৰি দিব পৰা নাই । আমাৰ মহাজোঁটে ৫ বছৰত ৫ লাখ চাকৰি দিব । মহাজোঁটৰ চৰকাৰত অসমৰ ৰাইজে এটা নতুন মনোভাৱ দেখা পাব । মনোভাৱ হ'ল সমস্যা সমাধান কৰাৰ চেষ্টা । বিজেপি চৰকাৰে সমস্যা সমাধান কৰিব নিবিচাৰে, সমস্যাৰ সৃষ্টি কৰে । চাকৰি দিয়াৰ কথা কৈ 'কা' জাপি দিলে । সমস্যা তল পেলাবৰ বাবে নতুন সমস্যাৰ সৃষ্টি কৰে । এয়া তেওঁলোকৰ চৰিত্র । বিজেপিয়ে মাথো চমক সৃষ্টি কৰে ।'

দুমাহ পাছতে ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰঃ গৌৰৱ গগৈ

উল্লেখযোগ্য যে, সমাগত নিৰ্বাচনত ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ বাবে কংগ্ৰেছে ৫ টা গেৰাণ্টিৰ কথা কৈছে । 'কা' বাতিল কৰা, ৫ লাখ চৰকাৰী চাকৰি, চাহ শ্ৰমিকৰ ৩৬৫ ট‍কা মজুৰি, মাহে ২০০ ইউনিটলৈ বিনামূলীয়া বিজুলী আৰু গৃহিণীলৈ মাহে দুই হাজাৰ টকা দিয়া কংগ্ৰেছৰ গেৰাণ্টি ।

লগতে পঢ়কঃ দুই-এদিনতে স্ব-গৃহত উপস্থিত হ'ব প্ৰণৱ গগৈ আৰু ৰাম কুমাৰ

ABOUT THE AUTHOR

...view details