অসম

assam

ETV Bharat / state

টিকটৰ বিড়ম্বনা: বিমোৰত পৰিছে দুই বিজেপি মন্ত্ৰী

‘ৰাজনৈতিক বিপদ’ত পৰিছে সোণোৱাল চৰকাৰৰ দুই মন্ত্ৰী । মন্ত্ৰী দুজনৰ সন্মুখলৈ নামি আহিছে বিড়ম্বনা । সমষ্টিৰ সাল-সলনিক লৈ বিমোৰত পৰিছে পূৱ গুৱাহাটী সমষ্টিৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু তিনিচুকীয়া সমষ্টিৰ সঞ্জয় কিষাণে ৷

By

Published : Feb 7, 2021, 9:02 PM IST

wo ministers in trouble
টিকটৰ বিড়ম্বনা

গুৱাহাটী,7 ফেব্ৰুৱাৰী : কাৰণ ভিন্ন, সমষ্টিও ভিন ভিন । কিন্তু সন্মুখত আহি দেখা দিয়া বিপদ একেই । দুটা ভিন ভিন কাৰণত শেহতীয়াকৈ ‘ৰাজনৈতিক বিপদত পৰিছে সোণোৱাল চৰকাৰৰ দুই মন্ত্ৰী । এজন উজনিৰ আৰু আনজন নামনিৰ । নিৰ্বাচন আহি পদুলিমুখত উপস্থিত হোৱাৰ সময়তে এই দুজন মন্ত্ৰীৰ সন্মুখলৈ নামি আহিছে বিড়ম্বনা । বাজপেয়ী ভৱনৰ এক সূত্ৰই জনাইছে এই বাৰ্তা ।

টিকটৰ বিড়ম্বনা

এই দুই মন্ত্ৰীৰ এজন হৈছে পূৱ গুৱাহাটী সমষ্টিৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু আনজন তিনিচুকীয়া সমষ্টিৰ সঞ্জয় কিষাণ । প্ৰথমে সঞ্জয় কিষাণৰ বিপদৰ কথাটোলৈ মন কৰক । তিনিচুকীয়া সমষ্টিৰ পৰিৱৰ্তে আসন্ন নিৰ্বাচনত ডুমডুমা সমষ্টিৰ পৰাহে দলে প্ৰাৰ্থিত্ব দিব খুজিছে সঞ্জয় কিষাণক । আৰু দলৰ এই সিদ্ধান্ত মন্ত্ৰীজনে মানি ল’বলৈ অসুবিধাবোধ কৰিছে ।

সঞ্জয় কিষাণৰ পৰিৱৰ্তে তিনিচুকীয়া সমষ্টিত এইবাৰ সৱল দাবীদাৰ হিচাপে থিয় দিছে দলৰ ৰাজ্যিক উপ-সভাপতি পুলক গোহাঁইয়ে । মুখ্যমন্ত্ৰীৰে থকা তেওঁৰ নিকট সম্পৰ্কৰ কথা সৰ্বজন বিদিত । মুখ্যমন্ত্ৰীয়েও আশা কৰিছে যে, তিনিচুকীয়াত পুলক গোহাঁইক টিকট দিয়া যাওঁক ।

ইয়াৰ বিপৰীতে বৰ্তমান কংগ্ৰেছৰ দখলত থকা ডুমডুমা সমষ্টিটো বিজেপিয়ে নিজৰ দখললৈ অনাৰ অংকত তিনিচুকীয়াৰ বৰ্তমানৰ বিধায়ক সঞ্জয় কিষাণক টিকট দিব খুজিছে ডুমডুমাৰ পৰা, যাতে চাহ‌ জনগোষ্ঠী অধ্যুষিত এই সমষ্টিটো বৰ্তমানৰ কংগ্ৰেছ বিধায়ক দুৰ্গা ভূমিজৰ হাতৰ পৰা বিজেপিয়ে কাঢ়ি নিব পাৰে । কিন্তু ডুমডুমাত নিজৰ বিজয়ক লৈ নিশ্চিত হ’ব পৰা নাই মন্ত্ৰী সঞ্জয় কিষাণ ।

আনহাতে, পূৱ-গুৱাহাটী সমষ্টিত এইবাৰ বিজেপিৰ শক্তিশালী দাবীদাৰ ৰূপে থিয় দিছে মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভড়ালী । ইতিমধ্যে সমষ্টিটোত প্ৰচাৰ অভিযান আৰম্ভ কৰিছে উপদেষ্টা ভড়ালীয়ে ৷ সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে অকৰ্মন্যতাৰ বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ পাচত এতিয়া পূৱ-গুৱাহাটীত টিকটক লৈয়ে টনাটনিত পৰিছে এইজন বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি । সঞ্জয় কিষাণৰ দৰে সমষ্টি সলোৱাৰো কোনো বিকল্প নাই সিদ্ধাৰ্থ ভট্টাচাৰ্যৰো । মুঠতে টিকটক লৈ এতিয়া বাৰুকৈয়ে বিপদত পৰিছে এই দুই মন্ত্ৰী ।

লগতে পঢ়ক :ডিব্ৰুগড়ত সজাগতামূলক চাইকেল ৰেলী

ABOUT THE AUTHOR

...view details