গুৱাহাটী, ২১ জুন : ডিব্ৰুগড় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ । এই সন্দৰ্ভত এনএমচিয়ে ই-মেইল যোগে পৃথকে পৃথকে প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰ বুধবাৰে লাভ কৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই । বুধবাৰে সন্ধিয়া সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই ।
উল্লেখ্য যে, শেহতীয়াভাৱে দেশৰ প্ৰায় ১৫০ খন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি এনএমচিয়ে বাতিল কৰাৰ উপক্ৰম হৈছিল । এই চিকিৎসা মহাবিদ্যালয়সমূহত বহু আঁসোৱাহ পাই শুধৰাবৰ বাবে সতৰ্কবাণী দি সময় নিৰ্ধাৰণ কৰি দিছিল । ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ইউজি ব’ৰ্ডে এই চিকিৎসা মহাবিদ্যালয়সমূহত অনুসন্ধানৰ সময়ত ভালেমান গুৰুত্বপূৰ্ণ ত্ৰুটি ধৰা পেলাইছিল । ইয়াৰ ভিতৰত অসমৰো কেইবাখনো চিকিৎসা মহাবিদ্যালয় আছিল ।