নিউজ ডেস্ক, 18 ডিচেম্বৰ: কেইদিনমান আগলৈকে বিজেপিৰ নামটোও শুনিব নোখোজা, বিজেপিৰ কাম-কাজৰ খুঁতবোৰ ৰাইজৰ আগত মুকলিকৈ ব্যাখ্যা কৰা অসমৰ দুগৰাকী নেতা এতিয়া গভীৰভাৱে উৎকণ্ঠিত ৷ সেই উৎকণ্ঠা তেওঁলোকৰ কোনো ব্যক্তিগত জীৱনৰ উৎকণ্ঠাও নহয়, পাৰিবাৰিকো নহয় ৷ উৎকণ্ঠা ভৱিষ্যৎ ৰাজনৈতিক জীৱনক লৈ ৷
সৌ সিদিনালৈকে জাতে-পাতে নিমিলা বুলি কৈ বিজেপিক 24 ঘন্টাই কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰি থকাৰ পিচত এতিয়া যেন দুয়োজনৰে অংকবোৰ ক’ৰবাত নিমিলা হৈছে ৷ কথাতে কয় নহয় বোলে বয়স হৈলে আপুনি বুদ্ধি হৈব ভাল ৷ ঠিক এনেকুৱাই হৈছে দুয়োজনৰ ৷ নাম দুটা আমি ক’ব খোজা নাই, বুজাই ঠিকেই বুজিব ৷ এজন আছিল ভৰিৰ বুঢ়া আঙুলিৰ পৰা চুলিৰ আগলৈকে দুৰ্দান্ত জাতীয়তাবাদী ছাত্ৰ নেতা ৷
ভৰ বয়সলৈকে ছাত্ৰ হৈ থকা এইজন নেতাই সেই সময়ত ৰাষ্ট্ৰীয়তাবাদৰ নামেই শুনা নাছিল, বিজেপিতো দূৰৰে কথা ৷ আনকি আনক গছত তুলি দি সেই সময়ত এটা জাতীয়তাবাদী দল জন্ম দিয়াৰো আঁৰৰ মানুহজন আছিল তেঁৱেই ৷ পিচে এতিয়া সময়ো সলনি হ’ল, হয়তো তেওঁৰ বুদ্ধিও সলনি হ’ল ৷ সেয়েহে গৃহপ্ৰবেশ কৰিব খুজিছে বিজেপিত ৷ কিন্তু ভাবিলেই জানো সকলো সঁচা হয় ! পাৰিলে তেওঁ আজিয়েই বিজেপিত যোগ দিয়ে ৷ কিন্তু বিজেপিয়েহে সময় দিব খোজা নাই ৷
অহুকাণে পহুকাণে বাগৰি অহা খবৰ মতে বিজেপিত যোগদানৰ বাবে ঠেং দাঙি থকা এইজন নেতাই দুটামান চৰ্ত সাপেক্ষেহে হেনো গেৰুৱা কাপোৰজোৰ পিন্ধিব খুজিছে ৷ দলটোত যোগ দিলেই হেনো 2026 চনৰ নিৰ্বাচনত নামনি অসমৰ এটা সমষ্টি নতুবা গুৱাহাটীৰ এটা সমষ্টিত টিকট দিব লাগিব তেওঁক ৷ ইয়াতে লাগিছে গাঁঠি ৷ সেয়েহে দুখোজ আগুৱাই চাৰিখোজ পিছুৱাই থাকিব লগীয়া হৈছে এইজন প্ৰাক্তন ছাত্ৰনেতা ৷