গুৱাহাটী,5 মে’ঃমহানগৰীৰনুনমাটিস্থিত মঠঘৰীয়াৰ ভূপেন্দ্ৰ নগৰত সংঘটিত হৈছে শোকাৱহ ঘটনা । নিৰ্মাণৰত কুঁৱাত পৰি কৰুণ মৃত্যু ঘটে দুজনকৈ শ্ৰমিকৰ ৷ মঙলবাৰে প্ৰায় ৩০ ফুট দ এটা কুঁৱা নিৰ্মাণ কৰি থাকোতে মৃত্যুমুখত পৰে শ্ৰমিক দুজন ৷ মৃত শ্ৰমিক দুজন মঠঘৰীয়াৰ জোনাকী নগৰ নিবাসী বংকিম হাজং(35) আৰু মৃগেন ৰয়(35) বুলি জানিব পৰা গৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, মঠঘৰীয়াৰ মনেশ্বৰ ডেকা নামৰ এজন লোকৰ ঘৰৰ চৌহদত কুঁৱা নিৰ্মাণৰ বাবে নিয়োজিত আছিল দুই শ্ৰমিক ৷ বংকিম হাজং নামৰ শ্ৰমিকজনে প্ৰথমে কাম কৰিবলৈ কুঁৱাটোত নামি যায় যদিও শ্বাস-প্ৰশ্বাসত বাধা পোৱাত চিঞৰ-বাখৰ লগায় । ততালিকে কুঁৱাৰ ওপৰ অংশত কাম কৰি থকা আনজন শ্ৰমিকে বংকিমক উদ্ধাৰ কৰিবলৈ কুঁৱাটোলৈ নামি যায় । কিন্তু দুৰ্ভাগ্যবশত দুয়োজন শ্ৰমিক পানীৰ তলত সোমাই মৃত্য়ুমুখত পৰে ।