গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী: গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আই পি এল মেচ (IPL match in Guwahati)। এই সন্দৰ্ভত ইতিমধ্যে আয়োজকে আনুষ্ঠানিক ঘোষণা কৰিছে । অসম ক্ৰিকেট সন্থাই পূৰ্বৰে পৰা গুৱাহাটীত আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল । ক'ভিডৰ পূৰ্বে ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাক তেওঁলোকৰ দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে লৈ দুখন মেচ অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ক'ভিডৰ বাবেই সেয়া হৈ নুঠিল ।
এইবাৰ পুনৰ আই পি এল পূৰ্বৰ দৰেই বাধাহীনভাৱে অনুষ্ঠিত কৰা হ'ব (IPL 2023)। সেয়ে অসম ক্ৰিকেট সন্থাই ৰাজস্থান ৰয়েলছক বৰ্ষাপাৰাক তেওঁলোকৰ দ্বিতীয় হোমগ্ৰাউণ্ড হিচাপে ল'বলৈ আহ্বান জনাইছিল । সেই আহ্বানৰ প্ৰতি ৰাজস্থান ৰয়েলছে সঁহাৰি জনাইছে ।
এই সন্দৰ্ভত অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে কয় যে, অসমৰ যিহেতু আই পি এলৰ দল নাই সেয়ে ৰাজস্থান ৰয়েলছক বৰ্ষাপাৰাক তেওঁলোকৰ দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে । তেওঁলোকে এই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে ।
বি চি চি আইকো অসমত কমেও ২ খন আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে । ইতিমধ্যে ৰাজস্থান ৰয়েলছৰ কৰ্তৃপক্ষই বাৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম পৰিদৰ্শন কৰি গৈছে । তেওঁ লগতে কয় যে যিহেতু এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰা আই পি এল অনুষ্ঠিত হোৱাৰ কথা আছে, গতিকে ব'হাগ বিহুৰ পূৰ্বেই দুয়োখন মেচ অনুষ্ঠিত কৰিবলৈ আহ্বান জনোৱা হৈছিল । কিয়নো ব'হাগ বিহুৰ সময়ছোৱাত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয় ।