অসম

assam

ETV Bharat / state

অলিম্পিকলৈ কোন গৈছে মুখ্যমন্ত্ৰী আৰু বিমল বৰা নে লাভলীনা ?

টকিঅ' অলিম্পিকলৈ অসম গৌৰৱ হিচাপে কোন গৈছে লাভলীনা নে হিমন্ত বিশ্ব শৰ্মা আৰু বিমল বৰা ? হৰ্ডিঙত লাভলীনা বৰগোঁহাইৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা আৰু বিমল বৰাৰ ফটোক লৈ ব্যাপক প্ৰতিক্ৰিয়া ৷

দুখন হৰ্ডিঙক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা
দুখন হৰ্ডিঙক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা

By

Published : Jul 24, 2021, 10:35 PM IST

গুৱাহাটী, ২৪ জুলাই: দুখন হৰ্ডিঙক লৈ ছ'চিয়েল মিডিয়াত (social media) চলিছে ব্যাপক চৰ্চা । অসমৰ বিভিন্ন স্থানত আঁৰি থোৱা এই হৰ্ডিং দুখনে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । হৰ্ডিং দুখনক লৈ উত্থাপন হৈছে প্ৰশ্ন । টকিঅ' অলিম্পিকলৈ কোন গৈছে ? লাভলীনা বৰগোঁহাই নে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (himnta biswa sarma) আৰু মন্ত্রী বিমল বৰা (bimol borah) ?

টকিঅ' অলিম্পিকলৈ যোৱাটো অসমৰ বাবে গৌৰৱৰ বিষয় । ইয়াত কাৰো কোনো দ্বিমত নাই । কিন্তু অলিম্পিকলৈ গৈছে কোনোবা আৰু বৃহৎ হৰ্ডিঙত আছে ফটো আন কাৰোবাৰ ।

টকিঅ' অলিম্পিকলৈ যোৱা লাভলীনা বৰগোঁহাইক (lovlina borgohain) শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে ঠায়ে ঠায়ে আঁৰি থোৱা বৃহৎ হৰ্ডিঙত কিন্তু নাই লাভলীনাৰ এখনো ফটো । আছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্রী বিমল বৰাৰ ফটো ।

বিশেষভাৱে চৰ্চিত হোৱা হৰ্ডিং দুখনত ওপৰফালে সৰুকৈ লিখা আছে এনেদৰে - "congratulations and best wishes to lovlina borgohain (boxer). for qualifying for the tokyo olympic, 2020. you are the pride of assam."

এই হৰ্ডিং দুখনৰ আধা অংশত এইখিনি কথা লিখা আছে আৰু আধা অংশত আছে এখনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ফটো আৰু অ‍ানখনত মন্ত্রী বিমল বৰাৰ ফটো । দূৰৰ পৰা চালে হৰ্ডিং দুখনত তেওঁলোক দুজনেই জিলিকি আছে । হৰ্ডিং দুখনৰ মূল বিষয় অসমৰ গৌৰৱ লাভলীনা বৰগোঁহাই । কিন্তু তাত নাই লাভলীনা বৰগোঁহাইৰ ফটো ।

লাভলীনাক শুভেচ্ছা দিয়াৰ নামত ঠায়ে ঠায়ে আঁৰি থোৱা এই বৃহৎ হৰ্ডিং সমূহকলৈ এতিয়া ছ’চিয়েল মিডিয়াত চলিছে সৰস চৰ্চা । ৰাজনৈতিক মুনাফা আদায়ৰ লক্ষ্যৰে লগোৱা এই হৰ্ডিং সমূহে চৰকাৰখনৰ স্বৰূপটোকে উদঙাই দিছে বুলি বহুতে মন্তব্য কৰিছে । এই হৰ্ডিং সমূহক লৈ ছ'চিয়েল মিডিয়াত বিভিন্ন জনে চৰকাৰখনৰ বিৰুদ্ধে কটু মন্তব্য কৰিছে । সমালোচনা কৰিছে চৰকাৰখনৰ মানসিকতাক ।

উল্লেখ্য যে, দুদিন পূৰ্বে ল‍াভলীনা বৰগোঁহাইক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী-বিধায়কসকলে ৰাজপথত চাইকেল চলাইছিল । ইয়াৰ বাবেও ৰাজহুৱা ধন ব্যয় কৰা হৈছিল । ক'ভিডকালীন পৰিস্থিতিত সকলো নীতি-নিৰ্দেশনা উলংঘা কৰি ৰাজপথত জনপ্ৰতিনিধি সকলে চাইকেল চলোৱা কাৰ্যয়ো সৰ্বত্রে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ।

লগতে পঢ়কঃ প্ৰায় সম্পূৰ্ণ মৰিগাঁৱৰ ৰাম মন্দিৰৰ নিৰ্মাণ

ABOUT THE AUTHOR

...view details