গুৱাহাটী, 30 ডিচেম্বৰ:গুৱাহাটী মহানগৰীৰ ভূমিৰ নথি-পত্ৰ জালিয়াতিৰে সৈতে জড়িত দুই মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে । গ্ৰেপ্তাৰ হৈছে উপ-পঞ্জীয়ক ৰঞ্জিৎ চৌধুৰী আৰু জ্যেষ্ঠ উপ-পঞ্জীয়ক নিহাৰেন্দ্ৰ থাওচেন ।
ৰঞ্জিৎ চৌধুৰীক নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে কলকাতাৰ এখন ৰিজৰ্টৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নিহাৰেন্দ্ৰ থাওচেনক । দুই উপ-পঞ্জীয়কক গ্ৰেপ্তাৰ কৰাৰ লগে লগে ভূমিৰ নথি কেলেংকাৰীৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷
উল্লেখ্য যে গুৱাহাটী মহানগৰীত ভূমিৰ নথি-পত্ৰ জালিয়াতিৰে মহানগৰীৰ বহু লোকৰ মূল্যবান ভূমি আনৰ নামলৈ হস্তান্তৰ কৰি আহিছিল এটা চক্ৰই । উক্ত চক্ৰটোত উপ-পঞ্জীয়ক কাৰ্যালয়ৰ চৰকাৰী কৰ্মচাৰী, মণ্ডল, অধিবক্তা, মাটিৰ দালাল আৰু বিল্ডাৰ জড়িত হৈ আছে । উল্লেখ্য যে মহানগৰ আৰক্ষীৰ চাইবাৰ কোষে ভূমিৰ নথি জালিয়াতি গোচৰত পূৰ্বে প্ৰায় ২৮ গৰাকীক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰে ভিতৰত আছে গুৱাহাটীৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী, মণ্ডল, অধিবক্তা আৰু দালাল ।
মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ ভূ-মাফিয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে । দিছপুৰৰ ৰাজহ চক্ৰ বিষয়া পাপু গগৈয়ে ভুৱা নামজাৰি সন্দৰ্ভত চাইবাৰ থানাত এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰ ভিত্তিত ১২/২৩ নম্বৰত গোচৰ ৰুজু কৰি আৰম্ভ কৰা তদন্তত পোহৰলৈ আহে ভূমিৰ নথি কেলেংকাৰীৰ ক’লা অধ্যায় ।